বিশ্বৰ উষ্ণতা বৃদ্ধি তথা জলবায়ু পৰিৱৰ্তনে বিশ্বৰ কেইবাখনো দেশত খাদ্য সংকটৰ সৃষ্টি হৈছে৷ শেহতীয়াভাৱে প্ৰকাশ পোৱা এখন প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ভাৰতত ২০৫০ চনলৈ পানী আৰু উষ্ণতা বৃদ্ধিৰ ফলত খাদ্য সামগ্ৰীৰ উৎপাদন ১৬ শতাংশ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ ফলত খাদ্যৰ অভাৱত ভোগা লোকৰ সংখ্যা ৫০ শতাংশতকৈও অধিক বৃদ্ধি পাব৷ খাদ্য যোগান হ্ৰাস পোৱাৰ তালিকাত অৱশ্যে চীনক শীৰ্ষ স্থানত ৰখা হৈছে৷ প্ৰতিবেদনখনৰ মতে চীনত খাদ্যৰ যোগান ২২.৪ শতাংশ আৰু দক্ষিণ আমেৰিকাত ১৯.৪ শতাংশ হ্ৰাস পাব৷ প্ৰতিবেদনখন মতে চীন আৰু এছিয়াৰ সদস্য দেশসমূহকে ধৰি যিবিলাক দেশে এতিয়া খাদ্য ৰপ্তানি কৰে, সেইবিলাক দেশে ২০৫০ চনলৈ আন দেশৰ পৰা খাদ্য আমদানি কৰিবলগীয়া হ’ব৷ ইয়ৰ প্ৰধান কাৰণ হ’ল বিশুদ্ধ পানীৰ চাহিদা দিনকদিনে বাঢ়ি যোৱা আৰু ইয়াৰ বিপৰীতে পানীৰ উৎসসমূহ শুকাই যোৱা৷ প্ৰতিবেদনখনত উল্লেখ কৰা মতে ২০১৯ চনত জল সংকটৰ সন্মুখীন হোৱা দেশসমূহৰ ভিতৰত ভাৰত ত্ৰয়োদশ স্থানত আছিল৷ ভাৰতত খাব পৰা বিশুদ্ধ পানীৰ পৰিমাণ হ’ল ১১০০-১১৯৭ বিলিয়ন ঘনমিটাৰ [বি এম চি]৷ আনহাতে ২০১০ চনৰ চাহিদাৰ পৰিমাণ আছিল ৫৫০-৭১০ বি এম চি৷ ২০৫০ চনলৈ ইয়াৰ চাহিদা ৯০০-১৪০০ বি এম চিলৈ বঢ়াৰ সম্ভাৱনা আছে৷ ৰিভিউ এণ্ড ফাইণ্ডিংছ গ্লৱেল কমিছন অন দ্য ইকনমিক অব ৱাটাৰৰ চমুকৈ জি চি ই ডব্লিউৰ প্ৰতিবেদনত এই কথা কোৱা হৈছে৷ ইয়াত এইবুলিও কোৱা হৈছে যে ভাৰতৰ ভুল জল নীতিয়ে পানীৰ চাপ দূৰ কৰাত বাধাৰ সৃষ্টি কৰিছে৷ ভাৰতত বৰ্তমান শক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত ৰাজসাহায্য দিয়াৰ ব্যৱস্থা আছে, যি কৃষকক অধিক পানীৰ ব্যৱহাৰত উৎসাহিত কৰিছে আৰু ইয়াৰ ফলত জলভাণ্ডাৰ হ্ৰাস পাবলৈ ধৰিছে৷