প্ৰতিবেদনত প্ৰকাশ : চলিত বৰ্ষত হ্ৰাস পাব বৰষুণ

0
671

চাওঁতে চাওঁতে ব’হাগ বিহু আহি পালেহি৷ বহাগ মাহত নৌপৰোতেই সূৰ্যৰ তাপৰ মাত্ৰা অধিক বৃদ্ধি পাইছে৷ ৰ’দ চোকা হৈ অহাৰ বাবে গৰমৰ প্ৰকোপে বাঢ়ি গৈছে৷ অৰ্থাৎ দেশৰ লগতে ৰাজ্যতো গৰমৰ প্ৰকোপ অভাৱনীয়ভাৱে বাঢ়িবলৈ লৈছে৷ মুঠতে, ৰ’দত এলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ইয়াৰ সমান্তৰালভাৱে কিন্তু বৰষুণৰ পৰিমাণ সাংঘাতিকভাৱে কমি গৈছে৷ আজি দুমাহমান ধৰি ৰাজ্যত বৰষুণ প্ৰায় নোহোৱাৰ দৰেই৷ কেতিয়াবা একেবাৰে পাতলকৈ এজাক দুজাক বৰষুণ অহাৰ বাদে বৰষুণৰ পৰিমাণ একেবাৰে কম৷ যাৰ ফলত গ্ৰীষ্মকাল আৰম্ভ হৈছেহে কিন্তু ৰ’দৰ প্ৰকোপত বাহিৰ ওলাব নোৱৰাৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ দেশৰ লগতে ৰাজ্যত চলিত বৰ্ষত বৰষুণৰ পৰিমাণ যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷ বিজ্ঞান সংস্থা স্কাইমেটে শেহতীয়াভাৱে প্ৰকাশ কৰা এক প্ৰতিবেদন মতে চলিত বৰ্ষচ দেশত বৰষুণৰ পৰিমাণ অভাৱনীয়ভাৱে হ্ৰাস পাব৷ ইয়াৰ ফলত খাদ্য শস্যৰ উৎপাদন যথেষ্ট হ্ৰাস পাব আৰু ৰবিশস্যকে ধৰি আন আন খেতিত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব৷ ইয়াৰ ফলত খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি পাব৷ দেশত জুন মাহত মৌচুমী বায়ুৰ আগমনৰ ফত বৰষুণৰ মাত্ৰা বৃদ্ধি পাব যদিও এইখিনি সময়তহে কৃষকে শস্য চপাবলৈ আৰম্ভ কৰে৷ আনহাতে প্ৰতিবেদনখনত কোৱা হৈছে যে ভাৰতত এইবাৰ সামান্যতকৈও কম পৰিমাণৰ বৰষুণ হোৱাৰ বাবে খাদ্য শস্যৰ উৎপাদনত ব্যাঘাত জন্মিব পাৰে আৰু কৃষকে ইয়াৰ ফল ভোগ কৰিব লাগিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here