প্ৰতিবছৰে বায়ু প্ৰদূষণে ভাৰততপ্ৰাণ লয় ২১ লাখ লোকৰ

0
132


ভাৰতত বায়ু প্ৰদূষণৰ মাত্ৰা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে৷ চৰকাৰকে ধৰি বিভিন্ন প্ৰতিষ্ঠান তথা সংস্থাই বায়ু প্ৰদূষণৰ মাত্ৰা কমোৱাৰ চেষ্টা চলাই আছে যদিও দেশত পৰিস্থিতিয়ে দিনক দিনে ভয়াৱহ ৰূপ ধাৰণ কৰি আছে৷ শেহতীয়াভাৱে এটা অধ্যয়নত প্ৰকাশ পোৱা অনুসৰি ঘৰৰ বাহিৰৰ প্ৰদূষণৰ কাৰণে ভাৰতত প্ৰতিবছৰে ২১.৮ লাখ লোকৰ মৃত্যু হয়৷ দ্য বি এম জেত এই প্ৰতিবেদনখন প্ৰকাশিত হৈছে৷ ইয়াত উল্লেখ কৰা অনুসৰি ভাৰতত ঘৰৰ বাহিৰত হোৱা প্ৰদূষণৰ ফলত মৃত্যু হোৱাৰ লোকৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰতে চীনৰ পাছতে দ্বিতীয় স্থানত আছে৷ প্ৰতিবেদনখনৰ মতে উদে্যাগৰ পৰা নিৰ্গত হোৱা বিষাক্ত ধোঁৱা, বিদ্যুৎ উৎপাদন তথা পৰিবহণত জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰাৰ ফলত বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিছে৷ ইয়াৰ ফলত হোৱা বায়ু প্ৰদূষণৰ কাৰণে বিশ্বত প্ৰতিবছৰে ৫১ লাখ লোকে প্ৰাণ হেৰুৱাই বুলি প্ৰতিবেদনখনত কোৱা হৈছে৷ এই অধ্যয়নটোত এটা নতুন মডেলৰ সহায় লোৱা হৈছিল৷ প্ৰতিবেদনখনত গৱেষকসকলে এইবুলি দাবী কৰে যে সমগ্ৰ বিশ্বত প্ৰতিবছৰে ৮৩ লাখ লোকৰ মৃত্যু হয়৷ ইয়াৰে ৬১ শতাংশ লোকৰ মৃত্যু হয় বায়ু প্ৰদূষণৰ কাৰণে, ৫২ শতাংশ লোকৰ মৃত্যু হয় আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত, ষ্ট্ৰ’ক, বহুমূত্ৰৰ দৰে ৰোগত আক্ৰান্ত হৈ৷ আনহাতে ২০ শতাংশ লোকৰ মৃত্যু হয় উচ্চ ৰক্তচাপ, আলঝেইমাৰ, পাৰ্কিনশ্যনৰ দৰে ৰোগত আক্ৰান্ত হৈ৷ গৱেষখসকলে প্ৰকাশ কৰা মতে যিবিলাক দেশত ব্যাপক হাৰত জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰা হয়, সেই দেশবোৰত পুনৰ ব্যৱহাৰযোগ্য ইন্ধন ব্যৱহাৰ কৰি ৪.৬ লাখ লোকৰ প্ৰাণৰক্ষা কৰিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here