স্বাস্থ্য সচেতন মানুহৰ বাবে চিয়া চিড বৰ্তমান বেছ জনপ্ৰিয় খাদ্য৷ চিয়া হৈছে ছালভিয়া হিচপনিকা নামৰ মিণ্ট বা পুদিনা প্ৰজাতিৰ উদ্ভিদৰ বীজ৷ এইবিধ মধ্য আমেৰিকা আৰু মেক্সিকোৰ মৰুভূমি অঞ্চলত প্ৰচুৰ পৰিমাণে জন্মে৷ চিয়াৰ বিভিন্ন ধৰণৰ পুষ্টিগুণ আছে৷ চিয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ পোৱা যায়৷ সেয়ে পানীৰ সৈতে ভিজাই চিয়া চিড খালে বহুসময় ধৰি পেট ভৰ্তি হৈ থাকে বাবে সঘনাই খোৱাৰ প্ৰৱণতা কমি যায়৷ সেয়ে শৰীৰৰ ওজন কমোৱাত চিয়াই বিশেষ ভূমিকা গ্ৰহণ কৰে৷ আনহাতে চিয়া চিডত ফাইবাৰ, প্ৰ’টিন, ওমেগা ৩ ফেটি এচিড, কেলচিয়াম, মেগনেচিয়াম, ফচফৰাছ আদি পুষ্টি উপাদান যথেষ্ট পোৱা যায়৷ ইয়াত থকা ওমেগা ৩ ফেটি এচিডে হৃদৰোগৰ সম্ভাৱনা কমাই ৰখাৰ লগতে কলেষ্টৰেলৰ হ্ৰাস কৰাত সহায় কৰে৷ চিয়া চিডে শৰীৰৰ শক্তি আৰু কৰ্মদক্ষতা বঢ়োৱাত সহায় কৰে৷ প্ৰচুৰ এণ্টিঅক্সিডেণ্ট থকাৰ কাৰণে চিয়াই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে৷ হজম শক্তি উন্নত কৰাৰ লগতে কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগ প্ৰতিৰোধ কৰিব পাৰে চিয়া চিডে৷ ইমান বৃহৎ গুণবিশিষ্ট চিয়া চিড খোৱা সম্পৰ্কে পুষ্টিবিদে কিছু কথা জানিবলৈ দিছে৷ গৱেষণাত কোৱা গৈছে যে অতিৰিক্ত চিয়া চিড খোৱাৰ ফলত প্ৰ’ষ্টেট কেঞ্চাৰ বা স্তন কেঞ্চাৰৰ প্ৰৱণতাক প্ৰভাৱিত কৰে৷ চিয়া চিড প্ৰতিদিনে খোৱা সঠিক নহয়৷ দুদিনৰ অন্তৰে অন্তৰে খালেহে স্বাস্থ্যগুণ পোৱা যায়৷ এই বীজ অতিৰিক্তভাৱে খোৱাৰ ফলত হজমৰ সমস্যা হ’ব পাৰে৷ অন্ত্ৰৰ স্বাস্থ্য ভালে ৰাখিবলৈ আঁহজাতীয় খাদ্য খোৱা ভাল যদিও উপকাৰ পাবলৈ অতিৰিক্তভাৱে খোৱা হয়, তেনেহ’লে পেটৰ বিষ, গেছ, হজমৰ সমস্যা, ডায়েৰিয়াৰ দৰে সমস্যাই দেখা দিব পাৰে৷ আনহাতে চিয়া চিড বেছিকৈ খোৱাৰ ফলত শৰীৰত পানীৰ অভাৱ হ’ব পাৰে৷ সেয়ে চিয়া চিড খোৱাৰ পাছত পানী সেৱনৰ পৰিমাণ সঠিকভাৱে ৰাখিব লাগে৷ চিয়া চিডে অতিৰিক্ত ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, সেয়ে বেছি পৰিমাণে এই বীজ খালে প্ৰেছাৰ ল হৈ যোৱাৰ সম্ভাৱনা থাকে৷ শৰীৰৰ সু্স্থতাৰ বাবে নিয়ম অনুসৰি চিয়া চিড খালে সুফল পোৱা যায়৷