অসমীয়া সমাজৰ প্ৰধান অত্যাৱশ্যকীয় খাদ্য হ’ল ভাত৷ চাউলৰ পৰা ভাত প্ৰস্তুত কৰা হয়৷ আমি এসাঁজ ভাত নোখোৱাকৈ থাকিলে দিনটো চলাটোৱে কঠিন হৈ পৰে৷ শাৰীৰিক শক্তি কমি যায়, কামত অনীহাৰ ভাব আহে, শৰীৰ অকামিলা হৈ পৰে, জীৱনচৰ্যাত জটিলতা আহি পৰে৷ মানৱ দেহত শৰীৰক যথেষ্ট পৰিমাণে কেল’ৰিৰ প্ৰয়োজন হয়৷ আমাৰ শৰীৰত আৱশ্যক হোৱা কেল’ৰি ভাতৰ পৰা যথেষ্ট পৰিমাণে পাওঁ৷ শৰীৰক শক্তি যোগানৰ ক্ষেত্ৰত ভাতৰ আছে অপৰিসীম অৱদান৷ ভাতত যিহেতু যথেষ্ট পৰিমাণে কেল’ৰি আছে, সেয়ে এটা নিৰ্দিষ্ট পৰিমাণহে আমি ভাত খোৱা উচিত৷ এজন সুস্থ মানুহৰ শৰীৰে ৫০০ কেল’ৰিৰ বেছি খাদ্য গ্ৰহণ কৰিবলৈ অপাৰগ৷ ভাতক সাধাৰণতে সুষম আহাৰত ধৰা হয়৷ এজন সুস্থ লোকে গোটেই দিনটোত ১৫০ গ্ৰাম চাউলৰ ভাত খোৱা উচিত৷ যদি ইয়াতকৈ বেছি পৰিমাণৰ কেল’ৰিযুক্ত ভাত গ্ৰহণ কৰা হয়, তেন্তে শৰীৰত বিসংগতিয়ে দেখা দিব পাৰে, নানা ৰোগে থিতাপি ল’ব পাৰে৷ অত্যধিক পৰিমাণে ভাত গ্ৰহণ কৰা, বা কেবাবাৰো ভাত খোৱাৰ ফলত শৰীৰৰ ওজন বাঢ়িব যায়৷ ফলত শৰীৰত মধুমেহ, উচ্ছ ৰক্তচাপ, হূদৰোগ আদি বেমাৰে দেখা দিব পাৰে৷ কম পৰিমাণে ভাত খোৱাৰ ফলত কৰ্কট ৰোগৰ আশংকাও বহু পৰিমাণে হ্ৰাস পায়৷ দিনত এবাৰ বা দুবাৰ নিৰ্দিষ্ট পৰিমাণৰ ভাত খোৱা উচিত, তেতিয়া আমাৰ শৰীৰৰ কেল’ৰিৰ পৰিমাণ ঠিকে থাকে৷ আনহাতে উখহা চাউলৰ ভাত খালেও শৰীৰ বহু পৰিমাণে ৰোগৰ পৰা ৰক্ষা কৰিব পাৰি৷ ইয়ে আমাক আৱশ্যকীয় প্ৰটিন, ফাইবাৰ, ভিটামিন, মিনাৰেল আদি নিৰ্দিষ্ট মাত্ৰাত যোগান ধৰে৷ এনেদৰে উচিত পৰিমাণে ভাত বা আন খাদ্য গ্ৰহণেৰে আমি আমাৰ শৰীৰটোক অধিক সুস্থ আৰু নিৰোগী কৰি ৰাখিব পাৰোঁ৷