দোকমোকালিতে উঠি খোজ কঢ়াটো স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী, সেই বিষয়ে কাকো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ পুৱা খোজকঢ়াটো আটাইতকৈ শ্ৰেষ্ঠ ব্যায়াম হিচাপে ধৰা হয়৷ শৰীৰ সুস্থ তথা নিৰোগী কৰি ৰাখিবলৈ খোজ কঢ়াৰ গত্যন্তৰ একো হ’বই নোৱাৰে৷ শৰীৰৰ ওজন বৃদ্ধিৰ সমস্যাকে ধৰি ডায়েবেটিছ, প্ৰেছাৰ আদি সকালো ৰোগৰ পৰা মুক্তিৰ একমাত্ৰ পথ পুৱা খোজ কঢ়াটো৷ পুৱা খোজ কঢ়াৰ অভ্যাস স্বাস্থ্যকৰ হ’লে শীতকালত এই বিষয়ে কিছু ব্যতিক্ৰম দেখা যায়৷ শীতকালত শৰীৰৰ ফিট কৰি ৰাখিবলৈ শৰীৰচৰ্চা কৰাটো অতিকে জৰুৰী যদিও দোকমোকালিতে বাহিৰত খোজ কঢ়াটো মুঠেও গ্ৰহণযোগ্য নহয়৷ পুৱা প্ৰচণ্ড শীতত খোজ কঢ়াৰ ফলত হিতে বিপৰীতহে হ’ব পাৰে৷ কিন্তু এটা কথা মনত ৰখা ভাল যে শীতৰ দিনকেইটাত বাহিৰলৈ খোজ কাঢ়িবলৈ নগ’লেও ঘৰৰ ভিতৰতে শৰীৰচৰ্চা কৰা উচিত৷ কিয়নো শীতকালত শৰীৰটো ফিট কৰি ৰাখিবলৈ হ’লে শৰীৰচৰ্চা কৰা অতি প্ৰয়োজন৷ এইবোৰৰ ভিতৰত লঘু ব্যায়াম, যোগাসন আদি কৰিব পাৰে৷ আনহাতে ঘৰুৱাভাৱে কিছু কাম আছে, যিবোৰ কৰিলে ঘাম সহজে বাহিৰ হয় আৰু বেছ পৰিশ্ৰমসাধ্য৷ শৰীৰচৰ্চা কৰিলে যে অকল শাৰীৰিকভাৱে ফিট থাকিব পাৰি এনেকুৱা নহয়, মানসিক স্থিতি, মনটো ভালে, প্ৰফুল্লিত কৰি ৰাখিবলৈ শৰীৰচৰ্চা অতিকে জৰুৰী৷ নাচ তেনে এবিধ উপযোগী শৰীৰচৰ্চা৷ শীতৰ দিনত পুৱা খোজকঢ়াতকৈ নচাৰ ফলত বেছি কাৰ্যকৰী ফল পোৱা যায়৷ ষ্ট্ৰেচিং কৰিব পাৰে৷ এইটোও খোজ কঢ়াৰ বিকল্প হ’ব পাৰে৷ আনহাতে শীতকালত শৰীৰ ফিট কৰি ৰাখিবলৈ লঘু আহাৰ গ্ৰহণ কৰক৷ শীতৰ দিনকেইটাত খাদ্য সহজে হজম নহয় বাবে খোৱা-বোৱাৰ ক্ষেত্ৰত কিছু নিয়ম মানি চলিব পাৰে৷