প্ৰচণ্ড গৰমে মানুহৰস্মৃতিশক্তি হ্ৰাস কৰিছে

0
725


জলবায়ু পৰিৱৰ্তনৰ লগতে এল নিনোৰ প্ৰভাৱত সমগ্ৰ বিশ্বই প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ কবলত পৰিছে৷ প্ৰচণ্ড গৰমে মানুহৰ স্মৃতিশক্তি হ্ৰাস কৰাত সহায় কৰিছে৷ এই কথা জানিব পৰা গৈছে নিউয়ৰ্ক স্কুল অব্‌ গ্ল’বেল পাব্লিক হেল্‌থে কৰা এটা অধ্যয়নৰ পৰা৷ গৱেষকসকলে লাভ কৰা তথ্য অনুসৰি অত্যধিক গৰমে সমাজৰ দুৰ্বল শ্ৰেণী, বিশেষকৈ দৰিদ্ৰ আৰু বৃদ্ধ লোকসকলৰ স্মৃতিশক্তি হ্ৰাস কৰিব পাৰে৷ গৱেষকসকলে জানিব পাৰিছে যে অত্যধিক গৰমে বোধজ্ঞান দুৰ্বল কৰিব পাৰে৷ অৱশ্যে সকলো লোকৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য নহ’বও পাৰে৷ উল্লেখ্য যে সমগ্ৰ বিশ্বতে বিশেষকৈ আমেৰিকাত বতৰৰ লগত জড়িত ঘটনাসমূহৰ ভিতৰত সৰ্বাধিকসংখ্যক লোকে প্ৰাণ হেৰুৱায় প্ৰচণ্ড গৰমৰ কাৰণে৷ গ্ৰীষ্ম প্ৰৱাহৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হয় শিশু আৰু বৃদ্ধ লোকসকল৷ শিশু আৰু বৃদ্ধসকল প্ৰচণ্ড গৰমত হিট ষ্ট্ৰ’ক আৰু অৱশ হৈ পৰাৰ দৰে বিকাৰত ভোগে৷ শেহতীয়াকৈ কৰা অধ্যয়নটোৰ পৰা আৰু জানিব পৰা মতে, অত্যধিক তাপমানে বোধজ্ঞানৰ জৰিয়তে কৰা কাম-কাজত প্ৰভাৱ পেলাব পাৰে৷ অৱশ্যে এই অধ্যয়নটোৱে দীৰ্ঘদিন গৰমৰ প্ৰভাৱত থকা লোকসকলৰ ক্ষেত্ৰত কোনো তথ্য দিব পৰা নাই৷ গৱেষকসকলে কয় যে অত্যধিক গৰমত বাৰে বাৰে থাকিলে মস্তিষ্কৰ কোষৰ ক্ষতি, বিষ আৰু ফুলি উঠা তথা অক্সিডেটিভ চাপৰ দৰে সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ ইয়াৰ ফলত জ্ঞান আহৰণৰ প্ৰক্ৰিয়াটো প্ৰভাৱিত হয়৷ এই অধ্যয়নটো কৰা হৈছিল ৫২ বছৰ বা তাৰ ঊৰ্ধ্বৰ ৯,৫০০জন লোকক লৈ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here