Uncategorizedপ্ৰচণ্ড গৰমত ঠাণ্ডা পানীয়ে গা ধোৱা উচিত নহয় : কাৰণ জানক? প্ৰখৰ ৰ’দৰ পৰা আহি ঠাণ্ডা পানীৰে গা ধোৱাৰ পাছত শৰীৰটো শীতলতা অনুভৱ কৰে৷ সেয়ে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এই দিনকেইটাত ঠাণ্ডা পানীয়ে গা ধুবলৈ পচন্দ কৰে৷ বহুতেই আকৌ ঠাণ্ডা পানীত বৰফ মিহলাই গা ধুই শৰীৰ শীতল কৰে৷ আনহাতে টেংকিৰ পানীত ক্ষেত্ৰত ৰাতিয়েই টেংকিত পানী জমা কৰি পুৱা সেই ঠাণ্ডা পানীৰে বহুতেই গা ধুয়ে৷ যদি আপোনাৰো এনে অভ্যাস আছে, তেে্নহ’লে আজিৰ পৰাই সলনি কৰক এই অভ্যাস৷ গৰমৰ দিনত ঠাণ্ডা পানীৰে গা ধুলে হ’ব পৰা বিপদৰ সন্দৰ্ভত গৱেষকে কি কয় জানো আহক৷ ঠাণ্ডা মানে কিমান ঠাণ্ডা পানীৰে গা ধুব, সেইটো হ’ল আচল কথা৷ যদি বৰফ মিহলি পানীৰে গা ধুয়ে, তেনেহ’লে বিপজ্জনক৷ আৰু যদি বেছি ঠাণ্ডা পানীৰেও গা ধুয়ে, সেয়াও স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে৷ গৱেষকে জনোৱা মতে প্ৰত্যেক মানুহৰ শৰীৰৰ এটা নিৰ্দিষ্ট তাপমাত্ৰা থাকে৷ শৰীৰৰ বাবে সহনশীল তাপমাত্ৰা হ’ল ৩৭ ডিগ্ৰী ছেলচিয়াছ৷ ইয়াতকৈ বেছি গৰম সহ্য কৰাৰ শৰীৰৰ বাবে ক্ষতিকৰ৷ যদি ৩৯ ডিগ্ৰীৰ পৰা ৪২ ডিগ্ৰী চেলচিয়ামছ তাপমাত্ৰাত কেইঘণ্টামান থাকে, তেনেহ’লে শৰীৰৰ কাৰণে বিপদ হ’ব পাৰে৷ একেদৰে যদি শৰীৰ ঠাণ্ডা কৰিবলৈ যদি হোৰাহোৰে ঠাণ্ডা পানীৰে মূৰ-গা ভিজাই গা ধোৱা হয়, তেন্তে শৰীৰৰ ৰক্তচাপ হঠাতে বাঢ়ি যায়৷ ইয়াৰ বাবে ৰক্তজালিকাবোৰত তেজ জমা হ’ব পাৰে৷ যাৰ ফলত হৃদস্পন্দনৰ হাৰ বাঢ়ি যাব পাৰে৷ গৱেষকে কোৱা মতে প্ৰচণ্ড গৰমত ঠাণ্ডা পানীৰে গা ধুলে বা এ চিৰ বতাহ ল’লে ছালখন ঠাণ্ডা হ’ব ঠিকেই, কিন্তু শৰীৰৰ ভিৰৰৰ অংশ মুঠেও ঠাণ্ডা নহয়৷ কাৰণ শৰীৰৰ নিজস্ব কুলিং পদ্ধতি আছে, যাক কোৱা হয় ইলেক্টমেগনেটিক ৰেডিয়েশ্যন৷ উল্লেখ্য যে ৬০ শতাংশ মানুহৰ তাপ নিৰ্গত হয় ঘামৰ জৰিয়তে৷ গৰমৰ প্ৰকোপত শৰীৰৰ পৰা যি ঘাম বাহিৰ হয়, সেইটো আচলতে শৰীৰৰ কুলিং পদ্ধতি৷ এই সময়ত ৰক্তজালিকাবোৰৰ আয়তন বাঢ়ে৷ আৰু বেছি পৰিমাণে তেজ শৰীৰৰ ছাৰফেচ বা ছালৰ দিশে প্ৰবাহিত হয়৷ এই সময়ত যদি বৰফ মিহলি পানী বা ঠাণ্ডা পানী ছালৰ সংস্পৰ্শলৈ আহে, তেনেহ’লে তাপ নিৰ্গত হোৱা প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয়৷ যাৰ বাবে তেজৰ চলাচলত বাধাৰ সৃষ্টি হয় আৰকু তেজ জমা হ’ব পাৰে৷ ইয়াৰ ফলত ৰক্তচাপ বৃদ্ধি, হৃদস্পন্দন অনিয়ন্ত্ৰিত হোৱাৰ সম্ভাৱনা থাকে৷ সেয়ে গৰমৰ দিনত গৰম লাগিলেও অত্যধিক ঠাণ্ডা পানীৰে গা ধোৱা উচিত নহয়৷By Health Plus - July 28, 202504Facebook Twitter Pinterest WhatsApp