গ্ৰীষ্মকাল সোমোৱাৰ লগে লগে সূৰ্যৰ উত্তাপো যেন ক্ৰমান্বয়ে বাঢ়ি আহিছে৷ সূৰ্যৰ প্ৰখৰ উত্তাপে জনতাক ঘৰৰ বাহিৰ ওলাব নোৱৰা পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ প্ৰখৰ উত্তাপে জলা-কলা খুৱাইছে ৰাইজক৷ এই উষ্ণতা বৃদ্ধিৰ ফলত অকল যে মানুহে যে অসুবিধা এনে নহয়, বিভিন্ন জীৱ-জন্তু, উদ্ভিদৰ ক্ষেত্ৰতো একেই অৱস্থা৷ প্ৰখৰ ৰ’দৰ বাবে পানী শুকাই যোৱাৰ গছ-গছনিবোৰ লঠঙা হৈছে, পাতবোৰ হালধীয়া বৰণৰ হ’বলৈ ধৰিছে৷ আমি ঘৰতে কৰা ফল-মূল বা ফুলবোৰ পানীৰ অভাৱত লেৰেলি গৈছে৷ ছাদ বা বেলকনিৰ টাবত কৰা খেতিডৰাৰ প্ৰখৰ ৰ’দত কিদৰে যত্ন ল’ব সেই বিষয়ে অলপ ক’বলৈ বিচৰা হৈছে৷ সূৰ্যৰ কাঢ়া তাপত ছাদৰ গছৰ অৱস্থা বেয়া হৈ যায়৷ পানীত অভাৱত লেৰেলি বা শুকাই মৰি যায় কম দিনত ভিতৰতে৷ সেয়ে এইক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিলে গছবোৰ সজীৱ হৈ থাকিব৷ ৪০ ডিগ্ৰী ছেলচিয়াছত ছাদ বা বেলকনিৰ গছ, ফুলৰ টাব আদিবোৰ শুকাই গৈ পাত হালধীয়া পৰে৷ এনে সময়ত বিশেষ নজৰ দিব লাগে৷ এই উত্তাপত আমি যিমান ডিহাইড্ৰেশ্যনত ভোগো, গছেও ভোগে৷ সেয়ে এই গছবোৰক নিয়মীয়াকৈ পানী দিয়াৰ নিয়ম কিছু সলনি কৰিব লাগে৷ অকল এবাৰ পানী দিয়েই নহয়৷ এইকেইদিন পুৱা আৰু আবেলি দুটা সময়ত পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ এটা কথা মন কৰিব ছাদত ৰ’দত গৰম হোৱা টেংকিৰ পানী কেতিয়াও গছত নিদিব৷ এনে কৰিলে গছবোৰ সোনকালে মৰহি যাব৷ ইয়াৰ বাবে পুৱাই টেংকিৰ ঠাণ্ডা পানী টাবত দিব আৰু ইয়াৰে কিছু পানী আবেলিৰ বাবে ৰাখি থৈ সেই পানীহে গছত দিব৷ আনহাতে দুবেলা পাইপ বা স্প্ৰে’ৰ বটলেৰে গছবোৰ ভালদৰে ধুই দিব, যাতে পাতবোৰ চাফা, পৰিষ্কাৰ হৈ থাকে৷ গছৰ পাত যাতে ধূলি বালি নাথাকে তালৈ নজৰ দিব, কিয়নো পাত পৰিষ্কাৰ থাকিলেহে গছৰ সালোক সংশে¡ষণ প্ৰক্ৰিয়া উন্নত হয়৷