Beauty PlusDaily newsFitness PlusHealth NaturallyHealth Talksপ্ৰখৰ স্মৃতিশক্তিৰ বাবে এইবোৰ পানীয় সেৱন কৰকBy Health Plus - June 6, 202503Facebook Twitter Pinterest WhatsApp পানীত বাদেও গোটেই দিনটোত আমি বিভিন্ন প্ৰকাৰৰ পানীয় সেৱন কৰোঁ৷ যি মূলতঃ সুস্বাদু তথা মানসিক তৃপ্তিদায়ক৷ আমাৰ পৰিচিত এইধৰণৰ কিছু পানীয় আছে, যি নিয়মিতভাৱে সেৱন কৰাৰ ফলত স্মৃতিশক্তি প্ৰখৰ হয়৷ ইয়াৰ উপৰি গোটেই দিনটো সক্ৰিয় কৰি ৰাখি নিত্য কৰিবলগীয়া কামত সহায় কৰে৷ জানো আহক এই পানীয়সমূহ বিষয়ে৷গ্ৰীন টীত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে মস্তিষ্কৰ ক্লান্তি কমোৱাত সহায় কৰে৷ ইয়াৰ ফলত কামৰ প্ৰতি আগ্ৰহ বা একাগ্ৰতা বৃদ্ধি পায়৷ গ্ৰীন টীত থকা এমিন’ এচিডে ধমনীক শিথিল ৰাখে৷ আমেৰিকান জাৰ্নাল অব ক্লিনিকেল নিউট্ৰিশ্যনত প্ৰকাশিত এটা সমীক্ষাত দেখা গৈছে যে এই চাহে মস্তিষ্কৰ বিবিধ বিষয় আয়ত্ত কৰাৰ প্ৰক্ৰিয়া বৃদ্ধি কৰে৷ ইয়াৰ উপৰি স্মৃতিভ্ৰম দূৰ কৰাত সহায় কৰে৷কফিত প্ৰচুৰ পৰিমাণে কেফেইন থাকে, যি মস্তিষ্কৰ একধৰণৰ উদ্দীপক হিচাপে কাম কৰে৷ কফিত থকা ক্লোৰেজেনিক এচিডে মস্তিষ্কৰ জটিল হিচাপ জাতীয় কাম কৰে৷ সম্প্ৰতি প্লচ মেডিচিন জাৰ্নালত প্ৰকাশিত এটা গৱেষণাৰ পৰা জনা গৈছে যে প্ৰতিদিনে দুইৰ পৰা তিনি কাপ কফি সেৱন কৰিলে হূদৰোগ তথা স্মৃতিভ্ৰম শতকৰা ত্ৰিশ শতাংশ কমাই ৰাখে৷বিটৰ ৰসত প্ৰচুৰ পৰিমাণে নাইট্ৰেট পোৱা যায়, যিয়ে দেহৰ নাইট্ৰিক অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰি মস্তিষ্কৰ ৰক্ত সঞ্চালন বৃদ্ধিত সহায় কৰে৷ প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত দেহৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰি চিন্তাশক্তি বৃদ্ধি কৰে বিটৰ ৰসে৷কেঁচা হালধি আৰn জালুক গৰম পানীত ভিজাই সেৱন কৰিব পাৰে৷ এই পানীয়ত কাৰকিউমিন নামৰ একধৰণৰ যৌগ থাকে, যিয়ে দেহৰ প্ৰদাহ বন্ধ কৰাত সহায় কৰে৷ হালধি আৰু জালুকত এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে মস্তিষ্কৰ বাবে উপকাৰী৷ এই পানীয়ই স্মৃতিশক্তি বৃদ্ধিত সহায় কৰে৷আয়ুৰ্বেদত তুলসীৰ একাধিক গুৰুত্ব আছে৷ শাৰীৰিক স্বাস্থ্য বজাই ৰখাৰ লগতে স্মৃতিশক্তি বৃদ্ধিত তুলসীৰ বিশেষ ভূমিকা আছে৷ মানসিক উদ্বেগ তথা অৱসাদ আঁতৰাবলৈ তুলসীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰে৷ মস্তিষ্কৰ ডোপামিন আৰু ছেৰোটোনিনৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে তুলসীয়ে৷ গৰম পানীত তুলসীৰ পাতৰ ৰস উলিয়াই সেৱন কৰিলে অভাৱনীয় ফলাফল পোৱা যায়৷