পশ্চিম ৰাজস্থানৰ সীমান্তৱৰ্তী জিলা হ’ল বাৰমেৰ৷ চৰমভাবাপন্ন এই এলেকাত গৰমৰ উত্তাপ অত্যন্ত বেছি৷ সাধাৰণতে এই অঞ্চলত গ্ৰীষ্মকালত তাপমাত্ৰা ৫০ ডিগ্ৰী ছেলচিয়াছৰ আশে-পাশে থাকে৷ আনহাতে শীতকালত ইয়াত তাপমাত্ৰা কমি গৈ একেবাৰে শূন্য ডিগ্ৰী পায়গৈ৷ এইধৰণৰ পৰিৱেশ তথা আৱহাৱাত জীৱন ধাৰণ কৰা প্ৰাণীৰ বাবে যথেষ্ট কষ্টকৰ হয়৷ কিন্তু অতি আচৰিত কথা হ’ল বতৰ তথা পৰিৱেশৰ এনে বৃহৎ তাৰতম্য হ’লেও ইয়াত এবিধ গছ পোৱা যায়, যি বছৰৰ সকলো সময়তে সেউজীয়া হৈ থাকে৷ ৰাজস্থানৰ জয়ছলমেৰ, বাৰমেৰ, পালি, যোধপুৰ আদি জিলাত এই বিশেষধৰণৰ কাঁটাযুক্ত গছবিধ প্ৰচুৰ পৰিমাণে দেখা যায়৷ সকলোতকৈ আশ্চৰ্যকৰ কথা এই যে গ্ৰীষ্ম যেতিয়া তীব্ৰতৰ হয়, এই গছে মৰুভূমিত ফুল ধৰিবলৈ আৰম্ভ কৰে৷ প্ৰবল গ্ৰীষ্মকালৰো এই গছ একেবাৰে সেউজীয়া হৈ থাকে৷ মৰুভূমিৰ প্ৰচণ্ড তাপমানতো ইয়াৰ সেউজীয়া বৰণৰ সলনি নহয়৷ আনহাতে শীতকালত যেতিয়া মাইনাছ শূন্য ডিগ্ৰী পায়, তেতিয়াও এই গছবিধ একে বৰণতে হৈ থাকে৷ বিভিন্ন ধৰণৰ উপকাৰ কৰে এইবিধ গছে৷ এই গছৰ ফলক স্থানীয় লোকে পিলু বুলি কয়৷ গৰমৰ সময়ত ইয়াৰ বাসিন্দাসকলে গছবিধৰ ফল খায়৷ পিলু ফলবিধ ৰঙা-গোলাপী ৰঙৰ হয়৷ এই ফলবিধে বিভিন্ন ধৰণৰ উপকাৰ সাধন কৰে৷