প্ৰকৃতিলৈ নতুন ভাবুকি সাগৰীয় দ্বীপত প্লাষ্টিকৰ শিল !

0
495

ব্ৰাজিলৰ ত্ৰিনিদাদ আইলেণ্ড ভূ-বিজ্ঞানীৰ বাবে সদায় আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে৷ ইয়াৰ প্ৰধান কাৰণ হ’ল দ্বীপটোত থকা এটা জ্বালামুখী৷ সেয়েহে তাৰ মাটি আৰু শিল পৰীক্ষা কৰিবলৈ ভূ-বিজ্ঞানীসকলে প্ৰায়ে তালৈ যোৱা দেখিবলৈ পোৱা যায়৷ শেহতীয়াভাৱে বিজ্ঞানীসকলে দ্বীপটোৰ পৰা প্লাষ্টিকৰ শিল উদ্ধাৰ কৰিছে৷ আচলতে প্লাষ্টিকৰ শিল বুলি এই কাৰণেই কোৱা হৈছে যে এই দ্বীপটোত প্লাষ্টিক গলি দ্বীপটোৰ লগত মিশ্ৰণ হ’বলৈ ধৰিছে আৰু শিলৰ নতুন ৰূপৰ সৃষ্টি কৰিছে৷ এই দ্বীপটো ব্ৰজিলৰ দক্ষিণ পূব দিশ এম্পিৰিতো ছাণ্টো প্ৰদেশৰ পৰা ১১৪০ কিলোমিটাৰ দূৰৈত আছে৷ ফেডাৰেল ইউনিভাৰছিটি অব্‌ পাৰানাৰ ভূতত্ত্ববিদ ফাৰ্নাণ্ডা এভলাৰ ছান্তোছৰ মতে এনেদৰে প্লাষ্টিকৰ শিল দেখিবলৈ পোৱাটো এক নতুন আৰু অতি ভয়াৱহ কথা৷ ফাৰ্নাণ্ডাৰ মতে প্ৰদূষণ এতিয়া মাটিৰ তললৈকে শিপাইছে৷ আনহাতে গৱেষণা কৰি জানিব পৰা মতে ই আচলতে  প্লাষ্টিগ্ল’মৰেটছ, কিয়নো ইয়াৰ সৃষ্টি হৈছে মাটি, বালি আৰু অন্য পদাৰ্থ কণাৰ সৈতে প্লাষ্টিক মিহলি হৈ৷ জানিব পৰা মতে দ্বীপটোৰ উপকূলত বিভিন্ন ধৰণেৰে প্লাষ্টিকৰ আৱৰ্জনা জমা হৈ আহিছে আৰু এই প্লাষ্টিকৰ আৱৰ্জনাবোৰ  তাপমান বৃদ্ধি পোৱাৰ লগে লগে শিলৰ সৈতে মিহলি হৈ যায়৷ পাছত শুকান শিলৰ ৰূপ লয়৷ এইদৰে জমা হোৱা প্লাষ্টিকৰ আৱৰ্জনাই সামুদ্ৰিক জীৱকুললৈ ভাবুকি কঢ়িয়াই আনিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here