প্লাষ্টিক-মেটেল-গ্লাছ : ফ্ৰিজত পানী ৰাখিবলৈ কোনবিধ বটল উত্তম

0
4

গৰমৰ দিনকেইটাত প্ৰখৰ ৰ’দত বাহিৰৰ পৰা আহিয়েই ফ্ৰিজত থকা বটলৰ পানী সেৱন কৰিলেহে যেন জীৱটো ঘূৰি অহাৰ দৰে হয়৷ ফ্ৰিজৰ ঠাণ্ডা পানীয়ে এই সময়ত যথেষ্ট সকাহ দিয়ে, শৰীৰৰ জুৰ পেলায়৷ ডাঙৰ হওক বা সৰু সকলো বয়সৰ মাজত ঠাণ্ডা পানী খোৱাৰ প্ৰৱণতা থাকে৷ ইয়াৰ বাবে গৰমৰ দিনত কোনোবাই প্লাষ্টিকৰ বটল, কোনোবাই মেটেল, ষ্টিল বা আন কোনোবাই গ্লাছৰ বটলত পানী ৰাখে৷ কিন্তু আপুনি জানেনে কিহৰ বটলৰ ফ্ৰিজত পানী ৰখা স্বাস্থ্যৰ পক্ষে ভাল৷ এই কথা জনা দৰকাৰ যে ফ্ৰিজত পানী ৰখাৰ ক্ষেত্ৰত বটলৰ নিৰ্বাচন কৰাৰ সময়, বটলটো কোন উপাদানেৰে তৈয়াৰ কৰা হৈছে, সেই কথা বিবেচনা কৰা গুৰুত্বপূৰ্ণ৷ প্লাষ্টিক, কাচ বা মেটেল বিভিন্ন বটলৰ বিভিন্ন সুবিধা তথা অসুবিধা থাকে৷ সেয়ে জনাটো দৰকাৰ যে বিভিন্ন ধৰণৰ বটলত কি কি গুণাগুণ আছে আৰু কোনবিধ বটল ফ্ৰিজত ৰখাৰ কাৰণে সকলোতকৈ উত্তম৷ বিশেষজ্ঞই কোৱা মতে ষ্টেইনলেছ ষ্টিলৰ বটলবোৰ খুব শক্তিশালী তথা কঠিন হয়৷ এইবোৰ দীৰ্ঘসময়ৰ বাবে ব্যৱহাৰ কৰিব পাৰে৷ প্লাষ্টিকৰ বটলৰ ক্ষেত্ৰত পানী সেৱন কৰাতকৈ ষ্টিলৰ বটলৰ পানী সেৱন কৰা নিৰাপদ৷ অৱশ্যে ষ্টিলেৰে তৈয়াৰী বটলত এনে কোনো পুষ্টি উপাদান নাথাকে, যি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনাৰ উপকাৰ সাধন হ’ব৷ কিন্তু প্লাষ্টিক তথা বাসায়নিক বটলৰ তুলনাত ষ্টিলৰ বটল ভাল৷ পুষ্টিবিদে জনোৱা মতে তামৰ বটলৰ পানী সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে সাংঘাতিক উপকাৰী৷ তামৰ পাত্ৰত বা বটলত বিভিন্ন ধৰণৰ পুষ্টি উপাদান থাকে, যিয়ে স্বাস্থ্যৰক্ষাত সহায় কৰে৷ সেয়ে আপুনি যিমান পাৰে পানী সেৱনৰ ক্ষেত্ৰত তামৰ পাত্ৰ ব্যৱহাৰ কৰক৷ আনহাতে প্লাষ্টিকৰ বটলত পানী ৰখাৰ ফলত বিভিন্ন ৰায়াসনিক পদাৰ্থ মিহলি হ’ব পাৰে৷ যাৰ ভিতৰত সাধাৰণ হ’ল বি পি এ৷ এই ৰায়াসনিক স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক হ’ব পাৰে৷ বিশেষকৈ যেতিয়া প্লাষ্টিক দীৰ্ঘসময় ধৰি গৰম বা ঠাণ্ডা অৱস্থাত ৰখা হয়৷ ইয়ে পানীৰ সোৱাদো পৰিৱৰ্তন ঘটাব পাৰে৷ সেয়ে প্লাষ্টিকৰ বটলত পানী সেৱন কৰা একেবাৰে নিৰাপদ নহয়৷ আনহাতে পুষ্টিবিদে কোৱা মতে পানী সংৰক্ষণৰ ক্ষেত্ৰত কাচৰ বটল সকলোতকৈ নিৰাপদ৷ কাৰণ ইয়াত কোনোধৰণৰ ৰায়াসনিক মিহলি নহয় বা পানীৰ গুণাগুণৰ কোনো পৰিৱৰ্তন নহয় আৰু সুৰক্ষিত হৈ থাকে৷ ইয়াৰ উপৰি ষ্টিলৰ বটলবোৰ বি পি এমুক্ত৷ যাৰ বাবে পানীৰ বিশুদ্ধতা আৰু সোৱাদৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়৷ ষ্টিলৰ বটলত দীৰ্ঘসময় ধৰি পানী ঠাণ্ডা হৈ থাকে, যি গ্ৰীষ্মকালত অত্যন্ত উপকাৰী হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here