কোনোধৰণৰ তাপ ব্যৱহাৰ নকৰাকৈয়ে মাত্ৰ পোহৰ ব্যৱহাৰ কৰি পানী বাষ্পীভৱনৰ প্ৰক্ৰিয়া আৱিষ্কাৰ কৰিছে মাছাচুছেটছ ইনষ্টিটিউট অব টেকন’লজিৰ বা এমআইটিৰ এদল বিজ্ঞানীয়ে৷ বিজ্ঞানীয়ে তাপ অবিহনে কৰা পানী বাষ্পীভৱনৰ এই প্ৰক্ৰিয়াটোৰ নাম ৰাখিছে ফটোমলিকুলাৰ ইফেক্ট৷ ব্ৰিটিছ সংবাদ মাধ্যম দ্য ইনডিপেণ্ডেণ্টৰ এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে৷ বিজ্ঞানীয়ে কৈছে যে মেঘে কিদৰে সূৰ্যৰ কাষত থাকি বেছি পোহৰ শোষণ কৰে, তাক লৈ বহু বছৰ ধৰি বিভ্ৰান্তিত আছিল বিজ্ঞানী৷ এই নতুন আৱিষ্কাৰৰ ফলত প্ৰায় আশী বছৰৰ পুৰণি এটা ৰহস্যৰ সমাধান পাবলৈ সক্ষম হয়৷ আনহাতে পাৰ্ডু ইউনিভাৰছিটিৰ মেকানিকেল ইণ্ডিনিয়াৰিঙৰ অধ্যাপক শিউলিন ৰুৱানে কৈছে যে তাপৰ পৰিৱৰ্তে পোহৰৰ মাধ্যমেৰে পানীৰ বাষ্পীভৱন হোৱা প্ৰক্ৰিয়াটো পানী আৰু পোহৰৰ মিথক্ৰিয়া সম্পৰ্কে নতুন জ্ঞানৰ সন্ধান দিব৷ এই আৱিষ্কাৰ সঁচাকৈয়ে অসাধাৰণ বুলিও তেওঁ লগতে ব্যক্ত কৰে৷ আনহাতে গৱেষকসকলে জনাইছে যে এই আৱিষ্কাৰে জলবায়ু পৰিৱৰ্তন, বতৰৰ পূৰ্বাভাস, বিশুদ্ধ পানীৰ প্ৰাকৃতিক উপাদান আদি বিভিন্ন বিষয় জনাৰ বাবে নতুন দুৱাৰ মুকলি কৰিলে৷ আনহাতে ইয়াৰ যোগেদি জলবায়ুৰ ওপৰত মেঘৰ প্ৰভাৱ সম্পৰ্কেও বিশদভাৱে জানিব পৰা যাব৷