পোকৰ কামোৰত হ’ব পাৰে ‘লাইম ডিজিজ’ : ইয়াৰ লক্ষণ কি?

0
2

মাৰ্কিন পপ তাৰকা জাষ্টিন টিম্বাৰলেক লাইম ডিজিজত আক্ৰান্ত হৈছিল৷ সংগীতশিল্পীগৰাকীয়ে নিজেই এই কথা সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে৷ জাষ্টিনে লিখিছিল– আপু্‌নি যদি কেতিয়াবা এই ৰোগৰ চিকাৰ হয় বা এই ৰোগৰ ভুগিছে, তেনেহ’লে আপুনি জানক এই ৰোগৰ পৰা বাচা মানে মানসিক আৰু শাৰীৰিকভাৱে এটা দুৰ্বিষহ কষ্টৰ মাজত থকা৷ ইয়াৰ অংশ হিচাপে তেওঁ ৰোগৰ উপসৰ্গ হিচাপে স্নায়ুৰ বিষ আৰু ক্লান্তিৰ কথা উল্লেখ কৰিছে৷ উল্লেখ্য যে পোকৰ কামোৰাৰ ফলত লাইম ডিজিজ হ’ব পাৰে৷ ইয়াৰ নেপথ্যত থাকে বোৰেলিয়া বাৰ্গডোৰফেৰি বেক্টেৰিয়া৷ আমেৰিকাৰ কানেক্টিকাট চহৰৰ লাইম চহৰৰ নাম অনুসৰি এই ৰোগৰ নামকৰণ কৰা হৈছে৷ লাইম ৰোগত আক্ৰান্ত হ’লে গোটেই শৰীৰৰ বিষ অনুভৱ হয়৷ ভিতৰৰ পৰা শৰীৰ দুৰ্বল হৈ যায়৷ যাৰ বাবে মনোযোগেৰে কোনো কামতে মন নবহে৷ এই ৰোগৰ লক্ষণসমূহ– পোকে কামোৰাৰ তিনিৰ পৰা ত্ৰিছ দিনৰ ভিতৰত লাইম ডিজিজৰ লক্ষণ প্ৰকাশ পায়৷ শৰীৰৰ নিম্নাংগৰ পোকে কামোৰে৷ কামোৰা অংশ ৰঙা হৈ পৰে৷ প্ৰথম আক্ৰান্তত মূৰৰ বিষ অনুভৱ হয়৷ তাৰ লগতে প্ৰবল জ্বৰ আহে৷ লাইম ডিজিজৰ ক্ষেত্ৰত সমস্ত শৰীৰৰ বিষ, বিশেষকৈ অস্থিসন্ধিৰ বিষ আৰম্ভ হয়৷ বিভিন্ন সময়ত আক্ৰান্তৰ মন-মেজাজ বেয়া হৈ থাকে৷ পৰিস্থিতি জটিল হ’লে স্মৃতিশক্তি দুৰ্বল হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here