পৈতৃক সম্পত্তি ! দুমহীয়া সন্তানৰ নামত চন্দ্ৰত মাটি ক্ৰয়

0
1001
ছুৰাটৰ ব্যৱসায়ী বিজয়ভাই কথিৰিয়াই নিজৰ দুমহীয়া সন্তানৰ বাবে চন্দ্ৰত ভূমি ক্ৰয় কৰিছে৷ তেওঁ দুমহীয়া পুত্ৰ নিত্যাৰ বাবে ভূমি ক্ৰয় কৰিবলৈ বিচাৰি নিউয়ৰ্কস্থিত ইণ্টাৰনেশ্যনেল লুনাৰ ৰেজিষ্ট্ৰীলৈ এটা ই-মেইল প্ৰেৰণ কৰিছিল৷ যোৱা ১৩ মাৰ্চত তেওঁৰ আৱেদনত অনুমোদন জনোৱা হয়৷ ইয়াৰ পাছত তেওঁ প্ৰয়োজনীয় সকলো নথি-পত্ৰ প্ৰেৰণ কৰে৷ কোম্পানীটোৱে নিত্যাৰ নামত ভূমি আবণ্টন কৰি ইয়াৰ প্ৰমাণ—পত্ৰ কথিৰিয়ালৈ প্ৰেৰণ কৰে৷ উক্ত ভূমিৰ মূল্যৰ বিষয়ে প্ৰকাশ কৰা হোৱা নাই৷ কিন্তু সূত্ৰসমূহে প্ৰকাশ কৰা মতে, ইয়াৰ বাবে ব্যৱসায়ীজনে ৭৫০ ডলাৰ দিবলগীয়া হয়৷ চন্দ্ৰত ভূমি ক্ৰয় কৰা তেওঁ ছুৰাটৰ প্ৰথমজন ব্যৱসায়ী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here