প্ৰাচীন কালৰে পৰা ভাৰতবৰ্ষত যোগ সাধনাৰ অনুশীলন কৰা হৈছিল৷ সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰতত সৰ্বপ্ৰথম যোগৰ প্ৰচলন আছিল আৰু বৰ্তমান সময়তো যোগ সাধনাৰ চৰ্চা নিৰন্তৰভাৱে চলি আছে৷ আচলতে যোগাসনে এজন ব্যক্তিৰ শাৰাৰিক তথা মানসিকভাৱে সুস্থ-সবল কৰিবলৈ যিধৰণৰ প্ৰশস্তি প্ৰদান কৰে, আন কোনো ব্যায়ামে হয়তো শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ উন্নতি সমানে কৰিব নোৱাৰে৷ সেয়ে যোগব্যায়ামে ব্যাপক প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ এইখিনিতে উল্লেখ কৰা ভাল যে আমাৰ দেহৰ যিকোনো ধৰণৰ সমস্যাৰ পৰা যিকোনো যোগব্যায়াম কাৰ্যকৰী নহয়৷ শৰীৰৰ বিভিন্ন অংগৰ সুস্বাস্থ্য, উন্নতি তথা বিভিন্ন শাৰীৰিক অসুবিধাৰ সমাধান কৰিবলৈ যোগৰ প্ৰকাৰো সুকীয়া সুকীয়া হয়৷ আজি আমাৰ পেশী স্বাস্থ্য তথা পেশী শক্তিশালী কৰিবলৈ যি আসন তথা যোগ কৰাৰ প্ৰয়োজন সেই আসনবিধৰ বিষয়ে উল্লেখ কৰিব খুজিছোঁ৷ পেশী শক্তিশালী তথা শিথিল কৰি ৰাখিবলৈ নিয়মিতভাৱে গোমুখাসন কৰিলে যথেষ্ট সুফল পোৱা যায়৷ আনহাতে এই আসনে নিতম্ব, বাহু, উৰু, তথা পিঠি প্ৰসাৰিত কৰতো সহায় কৰে৷
কিদৰে কৰিব গোমুখাসন ঃ- এই আসন কৰিবলৈ হ’লে প্ৰথমে মুদ্ৰা ভংগীত মাটিত বহি লওক৷ তাৰ পাছত এখন ভৰি ওপৰত আনখন ভৰি উঠাই দি ভালদৰে বহাৰ ভংগীত থাকক৷ এতিয়া দুয়োখন হাত পিঠিৰ ফালে নিয়ক৷ মনত ৰাখিব যদি সোহাঁতখন কান্ধৰ ওপৰেৰে পিছফালে নিছে, বাওঁহাতখন কান্ধৰ তলেৰে নিব৷ এতিয়া পিঠিৰ ফালে দুই হাতৰ আঙুলিকেইটাৰে জোঁট বান্ধি ৰাখক৷ এইদৰে কিছুসময় ৰৈ দিয়ক৷ এবাৰ যদি সোঁফালে কৰিছে আনবাৰ বাওঁফালে কৰিবলৈ চেষ্টা কৰক৷ এই সময়ত মনত ৰাখিব আপোনাৰ এখন ভৰি যাতে আনখন ভৰিত উঠি থাকে৷