এটা সমীক্ষাৰ পৰা জনা গৈছে যে দীৰ্ঘস্থায়ী মানসিক চাপৰ পৰা ব্ৰেইন টিউমাৰপৰ্যন্ত সকলো ধৰণৰ মাৰাত্মক ৰোগৰ বাবে প্ৰধানকৈ দায়া মোবাইল ফোন৷ এটা সময় আছিল যেতিয়া মাত্ৰ কেইজনমানৰ হাততহে মোবাইল ফোন আছিল৷ কিন্তু আজি সকলোৰে হাতত মোবাইল ফোন৷ মোবাইল ফোনটো নহ’লে যেন জীৱনেই নচলে৷ মানৱ জীৱনৰ অপৰিহাৰ্য তথা অবিচ্ছেদ্য অংগ হৈ পৰিছে মোবাইল ফোনটো৷ মোবাইল ফোন অবিহনে যেন জীৱন অচল৷ অৱশ্যে আধুনিক যুগত মোবাইলটোৱে জীৱনৰ বিভিন্ন সুবিধা দিছে, হাতৰ মুঠিতে সকলোখিনি পাবলৈ সক্ষম হৈছে এই মোবাইলটোৰ জৰিয়তেই৷ ইয়াৰ মাজতে সকলোতকৈ ডাঙৰ বিপদটো হ’ল ইয়াৰ পৰা ক্ষতিকাৰক তৰংগ বিকিৰণ৷ কাৰণ মোবাইল ফোনৰ পৰা নিৰ্গত ৰেডিয়েশ্যনে শৰীৰৰ বিভিন্ন ক্ষতি কৰিব পাৰে৷ বিশেষকৈ মোবাইল ফোনটো লগত থকা সময়ত নানা বিপদ হ’ব পাৰে৷ আন এটা কথা হ’ল আমি বাহিৰলৈ গ’লে মোবাইলটো পকেটত লৈয়ে যাওঁ৷ সকলোৰে পকেটত লৈয়ে ইফালে সিফালে যায়৷ এক ৰিপ’ৰ্টত কোৱা হৈছে যে পকেটত মোবাইল ৰখা স্বাস্থ্যৰ কাৰণে খুব ক্ষতিকৰ৷ পেণ্টৰ পকেটত ৰখা মোবাইল ফোনটোৱে পুৰুষক পুৰুষত্বহীন কৰিব পাৰে৷ বহুতে গৱেষক তথা বিজ্ঞানীয়ে এই দাবী কৰিছে৷ আন এটা সমীক্ষাত জনা গৈছে যে দীৰ্ঘস্থায়ী মানসিক চাপৰ পৰা ব্ৰেইন টিউমাৰলৈ বিভিন্ন ৰোগৰ বাবে মোবাইল ফোনটো প্ৰধানকৈ দায়ী৷ অষ্ট্ৰিয়া তথা মিছৰৰ চিকিৎসক গৱেষকে কৰা গৱেষণাটো চেণ্ট্ৰেল ইউৰোপিয়ান জাৰ্নাল অব ইউৰোলজিত প্ৰকাশ কৰিছে৷ তাত কোৱা হৈছে যে মোবাইলৰ সৈতে ক্ৰমাগত যোগাযোগ ইৰেক্টাইল ডিছফাংচন অৰ্থাৎ যৌন সমস্যাৰ কাৰণ হ’ব পাৰে৷ গৱেষকে ছয় বছৰ ধৰি পুৰুষৰ দুটা গ্ৰুপৰ ওপৰত গৱেষণা কৰি এই দাবী কৰিছে৷ ইয়াৰে প্ৰথম গ্ৰুপৰ ২০ জন পুৰুষে যৌন সমস্যাত ভুগিছিল৷ আনহাতে দ্বিতীয় গ্ৰুপৰ ১০ জন পুৰুষে কৈছেল যে তেওঁলোকৰ কোনো যৌন সমস্যা নাই৷ বিশেষজ্ঞই বিশ্লেষণ আগবঢ়াইছে যে মোবাইল ফোনৰ ৰেডিয়েশ্যনৰ কাৰণে স্বাস্থ্যগত সমস্যাৰ সৃষ্টি হয়৷ যেতিয়া পকেটত মোবাইল ফোনটো ৰখা হয়, এটা ৱায়াৰলেচ নেটৱৰ্কৰ সৈতে সংযুক্ত থকা ফোনটোৰ পৰা শৰীৰে ২-৭ গুণ পৰ্যন্ত বেছি বিকিৰণ সহ্য কৰিবলগীয়া হয়৷ এই বিকিৰণে আমাৰ ডি এন এ গঠন পৰিৱৰ্তন কৰাৰ পাৰে তথা পুৰুষত্বহীনতাৰ সম্ভাৱনা বঢ়াব পাৰে৷