পেটৰ পৰা হাড়লৈকে সুস্থতাতসহযোগী যোদ্ধা এই শাকবিধ

0
874


মেথি শাক চিনি নোপোৱা মানুহ কম আছে৷ একাধিক গুণেৰে সমৃদ্ধ এই শাকবিধে পেটৰ সমস্যাৰ পৰা আৰম্ভ কৰি হাড়লৈকে সুস্থ-সবল ৰাখিবলৈ সহযোগী যোদ্ধা হিচাপে কাম কৰে৷ মেথি শাক নিয়মিতভাৱে খোৱাৰ ফলত শৰীৰৰ বিভিন্ন সমস্যা সমাধান কৰাত সহায় কৰে৷ পুষ্টিবিদে জনোৱা মতে মেথি শাকত ভিটামিন-চি, ভিটামিন-কে, ভিটামিন-বি, কেলচিয়ামসহ বিভিন্ন উপকাৰী উপাদান পোৱা যায়৷ আনকি এই শাকবিধ হ’ল ট্ৰাইজোনেলাইন, ডায়ছোজেনিনৰ দৰে উপকাৰী এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ৷ দৈনিক মেথি শাক খালে শৰীৰৰ একাধিক ৰোগ নিৰাময়ত সহায় কৰে৷ সেয়ে পলম নকৰি মেথি শাকৰ গুণাগুণ সম্পৰ্কে জানো আহক৷
আপুনি জানি অবাক হ’ব যে একাপ মেথি শাকত মাত্ৰ ১০ কেলৰি থাকে৷ গতিকে এই শাকত ফেট প্ৰায় নাই বুলিবই পাৰি৷ সেয়ে ওজন কমাবলৈ এই শাক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ বিশেষতঃ যিসকল লোকৰ দ্ৰুতভাৱে ওজন বৃদ্ধি সমস্যাই দেখা দিছে, তেওঁলোকে মেথি শাক নিয়মিতভাৱে খোৱা উচিত৷
আজিকালি বহুতৰে কম বয়সতে হাড়ৰ ক্ষয়জনিত সমস্যাৰ লগতে আন বিভিন্ন সমস্যাই দেখা দিয়ে৷ হাড়ৰ সমস্যা ৰোধৰ বাবে মেথি শাকে সহযোগী যোদ্ধা হিচাপে কাম কৰে৷ মেথি শাকত যথেষ্ট পৰিমাণে কেলচিয়াম আৰু ভিটামিন-কে পোৱা যায়৷ এই দুই উপাদানে হাড় সুস্থ-সবল মজবুত কৰাৰ লগতে হাড়ৰ বিভিন্ন সমস্যা সমাধান কৰিব পাৰে৷
বৰ্তমান ডায়বেটিছ ৰোগে ভয়াৱহ ৰূপ পৰিগ্ৰহণ কৰিছে৷ এই ৰোগবিধে কিডনী, চকু, স্নায়ুসহ দেহৰ একাধিক অংগৰ গুৰুতৰ ক্ষতি কৰাৰ আশংকা থাকে৷ এই আশংকা দূৰ কৰিবলৈ হ’লে শৰীৰত ছুগাৰৰ মাত্ৰা বিপদসীমাৰ তলত ৰখাটো জৰুৰী৷ আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ মেথি শাকৰ সৈতে বন্ধুত্ব স্থাপন কৰক৷ কাৰণ গৱেষণাত পোৱা মতে নিয়মিত মেথি শাক খালে ইনছুলিন ছেনচিটিভিটি বাঢ়ে৷ যাৰ ফলত ছুগাৰ নিয়ন্ত্ৰণত থাকে৷ সেয়ে ডায়েবেটিছ ৰোগীৰ বাবে এইবিধ শাক মহৌষধ৷
মেথি শাকত পৰ্যাপ্ত পৰিমাণে ইনছলিউবল ফাইবাৰ পোৱা যায়৷ এই ফাইবাৰ পেটৰ কাৰণে অত্যন্ত উপকাৰী৷ আনকি কোলনত ভাল বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধিৰ বাবে অত্যন্ত কাৰ্যকৰী এই শাকবিধ৷ গেছ, বজহদম, এচিডিটি বা পেটৰ আন সমস্যাত ভোগাসকলে নিয়মিতভাৱে এইবিধ শাক খালে সুফল লাভ কৰিব৷
ভিটামিনৰ অভাৱৰ কাৰণে বহুতৰে মাউথ আলচাৰ বা মুখৰ আলচাৰ হোৱা দেখা যায়৷ ইয়াৰ বাবে ভয় কৰাৰ কোনো কাৰণ নাই৷ কিয়নো ভিটামিন-বি সমৃদ্ধ মেথি শাক খালে মাউথ আলচাৰৰ পৰা দ্ৰুতভাৱে আৰোগ্য লাভ কৰিব পাৰি৷ এইধৰণৰ বেমাৰত ভোগাসকলে নিয়মিতভাৱে মেথি শাক খোৱাৰ অভ্যাস কৰক, সোনকালে উপশম পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here