পেটৰ অতিৰিক্ত মেদ কমাবলৈ কুম্ভকাসন কৰক

0
120

মেদবহুলতা সমস্যাই বৰ্তমান সময়ত সাংঘাতিক বৃদ্ধি পাইছে৷ বিশেষকৈ পেট বা কঁকালৰ তলৰ অংশত মেদ জমা হৈ বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ বঢ়াই তোলে৷ আনহাতে পেটত চৰ্বি জমা হোৱাৰ ফলত ৰোগৰ বাহক হোৱাৰ উপৰি আপোনাক সকলো সময়তে অসহজ বোধ ভাব এটাৰ সৃষ্টি কৰে৷ খোজ কঢ়া, তলৰ বস্তু সহজে হাউলি উঠাব নোৱৰা, অলপ কাম কৰিলে ভাগৰ লগা, খৰখেদাকৈ খোজ কঢ়াত অসুবিধা আদি নানানটা অসুবিধাই দেখা দিয়ে৷ ডায়েটিং কৰিও আপুনি পেটৰ মেদ কমাব পৰা নাই, যাৰ বাবে আপোনাৰ পচন্দৰ কাপোৰযোৰ পিন্ধাত বাধা জন্মিছে৷ এই সকলোবোৰ সমস্যা তথা অসুবিধা নোহোৱা কৰিবলৈ নিয়মিবভাৱে যোগব্যায়াম কৰিব পাৰে৷ ৰুটিনমাফিক যোগাসন কৰিলে কম দিনৰ ভিতৰতে পেটত জমা হোৱা মেদ নোহোৱা হোৱাত সহায় কৰে৷ সেয়ে পেটৰ অতিৰিক্ত মেদ কমাবলৈ কুম্ভকাসন যোগাসন কৰিব পাৰে৷ নিয়মিতভাৱে কুম্ভকাসন কৰিলে পেটৰ চৰ্বি কমাৰ লগতে বাহু শক্তিশালী হয়৷ ইয়াৰ উপৰি এই আসন কৰিলে পিঠিৰ যিকোনো সমস্যা, শৰীৰৰ ভাৰসাম্য আৰু নমনীয়তা বজাই ৰখাত সহায় কৰে৷ কিদৰে কৰিব কুম্ভকাসন ঃ- এই আসন কৰাৰ বাবে প্ৰথমে মানুহজন মেট এখনত শুই লওক৷ এতিয়া আপুনি লাহে লাহে ভৰিৰ আঙুলিত ভৰ দি ওপৰৰ অংশটো মাটিৰ ওপৰলৈ দাঙি দিয়ক৷ এনে অৱস্থাত হাতৰ তলুৱাৰে মাটিত পাৰি দি বুক ডাউন কৰাৰ ভংগীত ৰওক৷ এই মুদ্ৰাত থাকিলৈ লক্ষ্য কৰিব যে আপনোৰ ভৰিৰ পৰা মূৰলৈকে যাতে একাধিক্ৰমে এটা নিৰ্দিষ্ট দূৰত্বত মাটিৰ ওপৰত থাকে৷ অৰ্থাৎ আপোনাৰ মূৰৰ পৰা ভৰিলৈকে ক্ৰমে মাটিৰ ওপৰত থাকে৷ এইদৰে বিছ মিনিটমান ৰৈ পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here