পেটত পানী জমা হ’লে কি হয় জানেনে?

0
2622


Water Retention অৰ্থাৎ শৰীৰৰ অংগসমূহত পানী জমা হোৱা সমস্যা৷ এই সমস্যাৰ ফলত শৰীৰৰ কিছু স্থান যেনে– হাত, ভৰি, মুখমণ্ডল আৰু পেটৰ মাংসপেশী ফুলিবলৈ আৰম্ভ কৰে৷ কেতিয়াবাতো ভৰি, গেৰোহা, ভৰিৰ তলুৱা আদিত তীব্ৰ বেদনাৰ সৃষ্টি হয়৷ আজি আমি আপোনালোকক Water Retention কি, ইয়াৰ কাৰণ আৰু লক্ষণৰ বিষয়ে কিছু কথা ক’ম৷ যাৰ জৰিয়তে আপোনালোকে এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে৷


Water Retention কি?–

এই সমস্যাত শৰীৰত নিমখৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত ৰোগীৰ ৱাটাৰ ৰিটেনশ্যন আৰু আইডেমা বিকশিত হয়৷ যেতিয়া আমাৰ শৰীৰে মিনাৰেলৰ স্তৰ সন্তুলন কৰিব নোৱাৰে, তেতিয়া শৰীৰৰ টিছুজ অংশত পানী জমা হ’বলৈ আৰম্ভ কৰে আৰু শৰীৰ ফুলিবলৈ ধৰে৷

শৰীৰৰ পানী জমা হোৱা কাৰণসমূহ হ’ল–
(১) শৰীৰৰ তেজৰ মাত্ৰা হ্ৰাস পালে, (২) একে ঠাইতে অধিক সময় থিয় হৈ থাকিলে, (৩) অত্যধিক নিমখ সেৱন কৰিলে, (৪) লিভাৰৰ সমস্যা থাকিলে, (৫) মহিলাসকলৰ হৰমন অসন্তুলন হ’লে৷


ইয়াৰ লক্ষণসমূহ–
(১) ভোক নলগা, (২) শৰীৰৰ কিছু অংশ উখহি অহা, (৩) হঠাৎ ওজন বৃদ্ধি, (৪) ভৰি আৰু গেৰোহাৰ বিষ, (৫) পেট ভৰি থকাৰ দৰে অনুভৱ হোৱা, (৬) খাদ্যৰ প্ৰতি অনীহা, (৭) ছালত দাগ পৰা ইত্যাদি৷


কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰি এই সমস্যাৰ পৰা উপশম পাব পাৰি-
(১) মেগনেছিয়াম জাতীয় খাদ্যৰ লগতে দৈ, সেউজীয়া শাক-পাচলি, বাদাম আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে৷


(২) আলু, কল, আখৰোট আদিত ভিটামিন-B6 থাকে৷ ভিটামিন-B6-এ Water Retention দূৰ কৰাত সহায় কৰে৷


(৩) ভিটামিন-C যুক্ত খাদ্য যেনে– কমলা, নেমু, গাজৰ আদি নিয়মিতৰূপে খালে আপোনাৰ বাৰে বাৰে প্ৰস্ৰাৱ কৰা লাগে৷ ফলত শৰীৰৰ পানীৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে৷


(৪) এই সমস্যা দূৰ কৰিবলৈ অলপ অলপকৈ পানী খাব লাগে৷ আচলতে শৰীৰে তেতিয়াহে পানী জমা কৰিবলৈ আৰম্ভ কৰে, যেতিয়া শৰীৰে পৰ্যাপ্ত মাত্ৰাত পানী নাপায়৷ সেয়েহে পানী, নেমুপানী, কমলা ৰস আদি অত্যধিক মাত্ৰাত খাব লাগে৷ ই শৰীৰত পটেচিয়ামৰ মাত্ৰা বৃদ্ধি কৰে, যিয়ে শৰীৰ ফুলাত কম কৰে৷


(৫) নিমখ কমকৈ খাব লাগে৷


(৬) এলকহল আৰু ধূমপান সেৱনে শৰীৰ ডিহাইড্ৰেট কৰে, যাৰ ফলত শৰীৰৰ মিনাৰেলৰ পৰিমাণ কমি যায়৷


(৭) দুখ-ভাগৰ, টেনশ্যনে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ ওলাব নিদিয়ে৷ যিয়ে ৱাটাৰ ৰিটেনশ্যন বৃদ্ধিত অৰিহণা যোগায়৷ সেই কাৰণে নিয়মিত যোগ-আসন কৰি দুখ, টেনশ্যনৰ পৰা আঁতৰত থাকক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here