মহাকাশত থকা বেন্নু নামৰ এটা গ্ৰহাণুৰ পৰা নমুনা সংগ্ৰহ কৰি আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ অ’ৰিছিছ-ৰেক্স নামৰ যানখন পৃথিৱী অভিমুখে আহি আছে৷ যানখনত থকা কেপছুলে দেশখনৰ পশ্চিমৰ এক সামৰিক পৰীক্ষণ স্থল উটা মৰুভূমিত অৱতৰণ কৰিব৷ অ’ৰিছিছ-ৰেক্সে প্ৰায় চাৰি ঘণ্টাৰ আগতে পৃথিৱীৰ পৰা প্ৰায় ১,০৮,০০০ কিল’মিটাৰ ওপৰত বেন্নুৰ পৰা নমুনা কঢ়িয়াই অনা কেপছুলটো এৰি দিব৷ এই কেপছুলটোৱে প্ৰতি ঘণ্টাত ৪৩ হাজাৰ কিল’মিটাৰ বেগত বায়ু মণ্ডলত প্ৰৱেশ কৰিব৷ সেই সময়ত ইয়াৰ উষ্ণতা ২,৮০০ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাব৷ যদিহে সকলো ঠিকে ঠাকে থাকে তেতিয়া দুটা পেৰাছুটৰ সহায়ত কেপছুলটোৰ ছফ্ট লেণ্ডিং কৰোৱা হ’ব৷ ইয়াৰ পাছত কেপছুলটো হেলিকপ্টাৰৰ দ্বাৰা এটা অস্থায়ী স্বচ্ছ কোঠালৈ নিয়া হ’ব৷ ইয়াৰ পাছত কেপছুলটোৱে অনা বেন্নুৰ নমুনা হিউষ্টনত থকা নাছাৰ জনছন মহাকাশ কেন্দ্ৰলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব৷ কেইদিনমানৰ পাছত বিজ্ঞানীসকলে কেপছুলটো খুলি তাত থকা শিল আৰু ধূলিৰ কণাবোৰ পৃথক কৰিব৷ ইয়াৰ পৰা পৃথিৱী তথা সৌৰজগতৰ জন্মৰ বিষয়ে ভালেমান তথ্য লাভ কৰিব পৰা যাব৷ ২০১৬ চনত অ’ৰিছিছ-ৰেক্সক বেন্নু অভিমুখে প্ৰেৰণ কৰা হৈছিল৷ যানখনে ২০২৫ চনলৈকে সূৰ্যক পৰিভ্ৰমণ কৰি থাকিব৷ মন কৰিবলগীয়া যে বেন্নু নামৰ এই গ্ৰহাণুটো প্ৰতি ছবছৰৰ মূৰত এবাৰ পৃথিৱীৰ কাষ চাপে৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই অনুমান কৰা মতে, এদিন বেন্নুৱে পৃথিৱীক খুন্দা মাৰিব আৰু তেতিয়া সৃষ্টি হ’ব মহাপ্ৰলয়ৰ৷ বেন্নুৱে পৃথিৱীক খুন্দা মৰাৰ সময়ত ইয়াৰ শক্তি হ’ব ২২টা পাৰমাণৱিক বোমাৰ সমান৷ নাছাৰ বিজ্ঞানীসকলে কৰা অনুমান মতে বেন্নুৱে ২১৮২ চনত পৃথিৱীক খুন্দা মাৰিব৷ কিন্তু এই প্ৰলয় দূৰ কৰিবলৈ নাছাই কাম কৰি আছে৷ এই গ্ৰহাণুটোৱে প্ৰতি ১.২ বছৰত সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰে আৰু প্ৰতি ছবছৰৰ মূৰত এবাৰ পৃথিৱীৰ কাষ চাপে৷ নাছাই কৰা অনুমান মতে যদিহে বেন্নুৱে পৃথিৱীক খুন্দা মাৰে তেতিয়া সেই স্থানত ৯.৬ কিল’মিটাৰ দীঘল এটা গাঁতৰ সৃষ্টি হ’ব৷ ইয়াৰ লগতে খুন্দা মৰাৰ স্থানৰ পৰা ৯৬৬ কিল’মিটাৰ ব্যাসাৰ্ধৰ এলেকাত প্ৰলয়ৰ সৃষ্টি কৰিব৷ মহাকাশযানখনে গ্ৰহাণুটোৰ ২৫০ গ্ৰাম নমুনা সংগ্ৰহ কৰিছে৷ এই নমুনা বিশ্লেষণ কৰি গ্ৰহাণুটোৰ সম্পৰ্কে অধিক তথ্য লাভ কৰিব পৰা যাব৷