অদূৰ ভৱিষ্যতে আমি বাস কৰা পৃথিৱীখন বাসোপযোগী হৈ থাকিবনে নাই, সেই কথাটো সম্পূৰ্ণ নিৰ্ভৰ কৰিছে কেইটামান দিশৰ ওপৰত৷ গৱেষকসকলে ইয়াক লৈ কৰা গৱেষণাত কেইটামান চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে৷ পৃথিৱীৰ ভৱিষ্যতক লৈ বিপদ ঘনীভূত হৈছে৷ তাৰো খবৰ দিলে বিজ্ঞানীয়ে৷ সম্প্ৰতি নেচাৰ পত্ৰিকাত প্ৰকাশিত হৈছে এই গৱেষণাৰ প্ৰতিবেদন৷ পৃথিৱীৰ আঠটা গুৰুত্বপূৰ্ণ দিশক লৈ এই গৱেষণা কৰা হৈছে আৰু এই দিশবোৰতে অনাগত দিনৰ সম্ভাব্য বিপদ সম্পৰ্কে সাৱধান কৰি দিছে গৱেষকে৷ সম্প্ৰতি এই আঠটা দিশৰ কাৰণে পৃথিৱীখন বাসোপযোগী হৈ আছে৷ এইবোৰৰ ভিতৰত স্থান পাইছে আৰ্থ ছিষ্টেম বাউণ্ডাৰী বা বিশ্ব ব্যৱস্থাৰ সীমনা৷ পৃথিৱীৰ প্ৰাণী তথা উদ্ভিদ শ্ৰেণী জীয়াই থাকিবলৈ এটা নিৰ্দিষ্ট পৰিসৰ বা সীমাই ডাঙৰ ভূমিকা গ্ৰহণ কৰে৷ ইয়াক লংঘন কৰিলে বিপদ হোৱাৰ আশংকা বাঢ়ে৷ তেতিয়া মানুহ বা অন্যান্য প্ৰাণী আৰু উদ্ভিদ সংকটৰ সন্মুখীন হয়৷ গৱেষকসকলে এই সীমা লংঘনৰ ইংগিত দিছে৷ বিজ্ঞানীসকলে জানিবলৈ দিছে যে প্ৰাণীৰ জীয়াই থাকিবলৈ গুৰুত্বপূৰ্ণ আঠটা ব্যৱস্থাৰ তালিকাত আছে– জলবায়ু পৰিৱৰ্তন, অ’জন স্তৰৰ ক্ষয়, পৰিৱেশ প্ৰদূষণৰ উপাদান বৃদ্ধি, সমুদ্ৰৰ পানীত এচিডিক হোৱা, জৈৱ ভূৰাসায়নিকৰ পৰিমাণ বৃদ্ধি, ইয়াৰ ভিতৰত দুটা প্ৰধান ৰাসায়নিক নাইট্ৰজেন আৰু ফচফৰাছক ধৰা হৈছে, বিশুদ্ধ-পৰিষ্কাৰ পানীৰ ব্যৱহাৰ, মাটিৰ ক্ষয়, জৈৱ-বৈচিত্ৰ্যৰ ক্ষয়, নতুন নতুন জীৱৰ উৎপত্তি৷ এই প্ৰতিটো দিশ বেছ কিছুমান বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে৷ ইয়াৰ ভিতৰত সমগ্ৰ বিশ্বৰ বাবে এতিয়া জলবায়ু পৰিৱৰ্তন মূল কেন্দ্ৰবিন্দু তথা সংকট হৈ পৰিছে৷ পৃথিৱীৰ স্বাভাৱিক উষ্ণতা শিল্প বিপ্লৱৰ পাছত বৰ্তমান বহুখিনি বাঢ়ি গৈছে৷ বিজ্ঞানীৰ মতে পৃথিৱীৰ গড় উষ্ণতা এক ডিগ্ৰী চেণ্টিগ্ৰেড বৃদ্ধি নিৰাপদ তথা ন্যায্য বুলি ধৰা হয় যদিও দেখা গৈছে যে গড় উষ্ণতা ডেৰ ডিগ্ৰী চেণ্টিগ্ৰেডপৰ্যন্ত বাঢ়ি গৈছে৷ নেচাৰ পত্ৰিকাত প্ৰকাশিত এই গৱেষণা-পত্ৰত দাবী কৰা মতে এই আঠটা মাজৰ সাত নম্বৰ বিষয়টোত মানুহ সীমা উলংধন কৰিবলৈ লৈছে৷ আনহাতে অ’জন স্তৰৰ ক্ষয়ক লৈও বিজ্ঞানীসকলে যথেষ্ট চিন্তিত হৈছে৷ অ’জন স্তৰত গাঁতৰ সৃষ্টি হৈছে৷ যাৰ ফলত সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিয়ে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিছে৷ আনহাতে বৰ্জ্য পদাৰ্থ সঠিকভাৱে নিষ্কাশন নোহোৱাৰ ফলত পানী আৰু মাটি দিনকদিনে প্ৰদূষিত হৈ পৰিছে৷ ইয়াৰ ফলত বায়ুত গ্ৰীন হাউছ গেছ ক্ৰমাগতভাৱে বাঢ়ি গৈছে৷ যি বায়ু প্ৰদূষণৰ অন্যতম কাৰণ৷ সকলোবোৰ মিলি সীমা চেৰাই যোৱাৰ ফলত মানুহৰ জীৱন যাপনত বেয়া প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে৷ সেয়েহে সময় থাকোঁতে সাৱধান তথা সতৰ্ক নহ’লে অচিৰেই মানৱ জাতি ডাঙৰ বিপদৰ সন্মুখীন হ’বলৈ সাজু থাকিব লাগিব বুলি বিজ্ঞানীয়ে সতৰ্ক কৰি দিছে৷