পৃথিৱীৰ ভিতৰত আটাইতকৈ দামী পাচলিবিধ ক’ত পোৱা যায় জানেনে?

0
1575


বিহাৰৰ এজন খেতিয়কে উৎপাদন কৰা ‘হপ্‌ শ্বুট্‌ছ’ (Hop shoots) নামৰ এবিধ পাচলিয়ে আলোড়নৰ সৃষ্টি কৰিছে৷ কাৰণ এইবিধ পাচলি উত্তৰ আমেৰিকা আৰু ইউৰোপতহে হয় আৰু দামো ভাবিব নোৱৰাকৈ বেছি৷ ভাৰতীয় প্ৰশাসনিক সেৱাৰ এজন বিষয়াই পাচলিবিধ আৰু খেতিয়কজনৰ ফটো টুইট কৰা আৰু পাচলিবিধৰ বিষয়ে লিখাৰ পাছত ছ’চিয়েল মিডিয়াত খলকনি উঠে৷ বিষয়াজনে লিখিছে ‘এইবিধ পাচলিৰ এক কিল’গ্ৰামৰ দাম প্ৰায় ১ লাখ টকা। ‘হপ্‌ শ্বুট্‌ছ’ নামৰ এইবিধ পাচলি পৃথিৱীৰ ভিতৰত আটাইতকৈ দামী আৰু এইবিধ পাচলিৰ খেতি কৰিছে বিহাৰৰ অমৰেশ সিং নামৰ এজন খেতিয়কে৷ ভাৰতত এই পাচলিৰ খেতি কৰা তেৱেঁই প্ৰথম৷ ভাৰতীয় খেতিয়কসকলৰ বাবে পৰিৱৰ্তনৰ সূচনা কৰিব পাৰে৷’ উল্লেখ্য যে ‘হপ্‌ শ্বুট্‌ছ’ এবিধ বাৰমহীয়া উদ্ভিদ৷ প্ৰথমতে ইয়াক এবিধ অপতৃণ বুলিহে ভবা হৈছিল৷ কিন্তু পাছতহে মানুহে ইয়াৰ গুণ বুজি পায়৷এইবিধ পাচলিৰ বেক্টেৰিয়া ধবংস কৰিব পৰা গুণ আছেআৰু বীয়েৰৰ স্বাদ তিতা কৰিবলৈ, সুগন্ধ দিবলৈ আৰু ষ্টেবিলিটি এজেণ্ট হিচাপে ব্যৱহাৰ কৰা হয়৷কিন্তু ইয়াৰ খেতি কৰাটো ভীষণ কষ্টকৰ আৰু যেতিয়া হয় তেতিয়া য’তে-ত’তে গজে৷ পাচলিবিধ ইমান সৰু যে এপাচি হ’বলৈ শ শ গোট খুৱাব লাগিব৷

আৰু পঢ়ক- সাৱধান! শুই থাকোঁতে অত্যধিক ঘামি যায় নেকি? ই হ’ব পাৰে কেঞ্চাৰৰ লক্ষণ https://newshealthplus.com/wp-admin/post.php?post=3503&action=edit

LEAVE A REPLY

Please enter your comment!
Please enter your name here