পৃথিৱীৰ বাবে বিপদঘণ্টা : দক্ষিণ মেৰুত বাঢ়িছে সেউজ অঞ্চল

0
32

দক্ষিণ মেৰু মহাদেশত দ্ৰুত গতিত বৃদ্ধি পাইছে সেউজ অঞ্চল৷ এটা নতুন অধ্যয়নৰ পৰা জানিব পৰা মতে যোৱা কিছু বছৰত দক্ষিণ মেৰুত অপ্ৰত্যাশিতভাৱে বৃদ্ধি পাইছে সেউজীয়া অঞ্চল৷ নেচাৰ জিঅ’ ছায়েন্সত প্ৰকাশ পোৱা অধ্যয়নটোৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে যোৱা চাৰিটা দশকত দক্ষিণ মেৰুত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে উদ্ভিদেৰে আৱৰা অঞ্চল৷ এই খবৰে পৰিৱেশবিদসকলৰ উদ্বিগ্ন কৰাৰ লগতে তেওঁলোকৰ সন্মুখত এক নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে৷ ই ভৱিষ্যতে পৃথিৱীৰ বাবে বিপদঘণ্টা বুলি বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে৷ একছেটাৰ আৰু হাৰ্টফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে ব্ৰিটিছ এণ্টাৰ্কটিকাৰ ছাৰ্ভেৰ সহায়ত কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে দক্ষিণ মেৰু মহাদেশত সেউজ অঞ্চল কিমান প্ৰসাৰিত হৈছে, সেই বিষয়ে জানিবলৈ চেষ্টা কৰিছিল৷ তাৰ পৰা জানিব পাৰে যে ১৯৮৬ চনত দক্ষিণ মহাদেশত এক কিলোমিটাৰতকৈ কম অঞ্চল উদ্ভিদেৰে আৱৰি আছিল৷ ২০২১ চনত উদ্ভিদে আৱৰা অঞ্চল দহ গুণ বৃদ্ধি পাই ১২ কিলোমিটাৰ হয়গৈ৷ একছেটাৰ বিশ্ববিদ্যালয়ৰ ড0 থমাছ ৰলেণ্ডে কয় যে দক্ষিণ মেৰু অঞ্চলৰ অধিকাংশ এতিয়াও বৰফেৰে আবৃত যদিও উদ্ভিদ এটা সৰু অংশৰ পৰা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ অৰ্থাৎ দক্ষিণ মেৰুত উদ্ভিদৰ সংখ্যা বৃদ্ধি পোৱা মানে ইয়াত বৰফৰ মাত্ৰা হ্ৰাস পোৱা৷ এই অৱস্থাই দক্ষিণ মেৰু জলবায়ুৰ পৰিৱৰ্তন প্ৰভাৱ পৰাটোকে সূচাইছে৷ এনে পৰিস্থিতি অব্যাহত থাকিলে অদূৰ ভৱিষ্যতে হয়তো এই বিষয়টো অধিক চিন্তনীয় বিষয় হৈ পৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here