বিশ্বব্ৰহ্মাণ্ডত পৃথিৱীৰ দৰে পানীৰ অনুসন্ধান কৰি আছে জ্যোতিৰ্বিদসকলে৷ শেহতীয়াকৈ এই দিশত তেওঁলোকে সফলতা লাভ কৰা বুলি দাবী কৰিছে৷ এটা নতুন অধ্যয়নৰ পৰা জানিব পৰা মতে আমাৰ সৌৰজগতৰ বাহিৰৰ এটা গ্ৰহত পৃথিৱীৰ দৰে পানী থকাৰ তথ্য লাভ কৰা হৈছে৷ অধ্যয়নটোৰ পৰা জ্যোতিৰ্বিদসকলে এই তথ্য লাভ কৰিছে যে এটা সৰু নক্ষত্ৰক পৰিভ্ৰমণ কৰি থকা গ্ৰহ এটাত পৃথিৱীৰ দৰে পানী মজুত আছে৷ পানী থকাৰ তথ্য লাভ কৰা এই গ্ৰহটোৰ নাম দিয়া হৈছে এল এইচ এছ ১১৪০ বি৷ এই গ্ৰহটোৱে পৰিভ্ৰমণ কৰি থকা নক্ষত্ৰটোৰ নাম দিয়া হৈছে এল এইচ এছ ১১৪০৷ এই গ্ৰহটো ২০১৭ চনতে আৱিষ্কাৰ কৰিছিল৷ তেতিয়া গ্ৰহটো দূৰবীনেৰে দেখা পোৱা গৈছিল৷ এতিয়া বিজ্ঞানীসকলে জানিব পাৰিছে যে এই গ্ৰহটো শিলেৰে গঠিত আৰু ই পৃথিৱীৰ প্ৰায় ১.৭ গুণ ডাঙৰ৷ বিজ্ঞানীসকলে অনুমান কৰা মতে ইয়াত বৃহৎ পৰিমাণৰ পানী মজুত থাকিব পাৰে৷ ইয়াৰ লগতে হিলিয়াম আৰু হাইড্ৰজেনো থাকিব পাৰে৷