পৃথিৱীৰ ঘূৰ্ণনশক্তি কামত লগাই বিদ্যুৎ উৎপাদনৰ কৌশল আৱিষ্কাৰ

0
23


জলবায়ুৰ সংকটৰ লগত মোকাবিলাৰ উপৰি পৰিৱেশ প্ৰদূষণ কমাবলৈ বিশ্বৰ বিভিন্ন দেশে দীৰ্ঘদিনৰ পৰা সৌৰ আৰু বায়ুশক্তিৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰি আহিছে৷ আনহাতে জিঅ’থাৰ্মেল তাপ ব্যৱহাৰ কৰিও বিভিন্ন দেশে বিদ্যুৎ উৎপাদন কৰি আহিছে৷ সেয়ে এইবোৰ প্ৰাকৃতিক উৎসৰ জৰিয়তে বিদ্যুৎ উৎপাদনৰ কিছু সীমাবদ্ধতা আছে৷ এইবাৰ পৃথিৱীৰ ঘূৰ্ণনশক্তি কামত লগাই বিদ্যুৎ উৎপাদনৰ নতুন কৌশল আৱিষ্কাৰ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে৷ ২০১৬ চনত প্ৰথম যুক্তৰাষ্ট্ৰই পৃথিৱীৰ চৌম্বকক্ষেত্ৰৰ জৰিয়তে বিদ্যুৎ উৎপাদনৰ বাবে চিলিণ্ডাৰযুক্ত এটা যন্ত্ৰ আৱিষ্কাৰ কৰিছিল৷ বিজ্ঞানীৰ দাবী– এই যন্ত্ৰটো পৃথিৱীৰ ঘূৰ্ণন শক্তিক কামত লগাই বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হ’ব৷ মেংগানিজ আৰু জিংকেৰে তৈয়াৰী এফুট দীঘল এই যন্ত্ৰটোৰ কাৰ্যকাৰিতা পৰীক্ষা কৰে বিজ্ঞানীয়ে৷ বিজ্ঞানীয়ে দাবী কৰে যে পৃথিৱীৰ ঘূৰ্ণন শক্তি ব্যৱহাৰ কৰি ১৭ মাইক্ৰ’ ভল্ট বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম এই যন্ত্ৰটো৷ বিদ্যুৎ প্ৰস্তুতৰ এই কৌশলৰ বিষয়ে ফিজিকেল ৰিভিউ ৰিছাৰ্চ সাময়িকীত প্ৰকাশিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here