পৃথিৱীৰ গৰ্ভত কি লুকাই আছে সেই কথা সকলোৱে জানিবলৈ বিচাৰে৷ বিজ্ঞানীসকলেও এই প্ৰশ্নৰ উত্তৰ উলিওৱাৰ চেষ্টা কৰি আছে৷ শেহতীয়াকৈ বিজ্ঞানীসকলে জানিব পৰা মতে পৃথিৱীৰ গৰ্ভত মাউণ্ট এভাৰেষ্টতকৈ ৪-৫ গুণ ওখ পৰ্বত আছে৷ এৰিজোনা ষ্টেট ইউনিভাৰ্ছিটিৰ গৱেষকসকলে এই তথ্য লাভ কৰিছে৷ উল্লেখ্য যে আমাৰ পৃথিৱীখনৰ তিনিটা তৰফ আছে বুলি কোৱা হয়৷ ইয়াৰে একেবাৰে ওপৰৰ অংশক ভূত্বক বা পৃথিৱীৰ খোলা বুলি কোৱা হয়, য’ত মাটি, পানী, শিল, জীৱ আদি আছে৷ খনিজ পৰ্দাৰ্থৰে গঠিত ইয়াৰ পাছৰ তৰপটোক কোৱা হয় মেণ্টল বুলি৷ একেবাৰে ভিতৰৰৰ অংশটোক কোৱা হয় ক’ৰ বুলি৷ ক’ৰ ইমানেই উত্তপ্ত যে ইয়াত সকলো বস্তু জুলীয়া অৱস্থাত আছে৷ এৰিজোনা ষ্টেট ইউনিভাৰ্ছিটিৰ বিজ্ঞানীসকলে মেণ্টল আৰু ক’ৰৰ মাজৰ অংশটোত মাউণ্ট এভাৰেষ্টতকৈ ৪-৫ গুণ ওখ পৰ্বতৰ সন্ধান লাভ কৰিছে৷ বিশ্ববিদ্যালয়খনৰ বিশেষজ্ঞসকলে এই পৰ্বতৰ আৱিষ্কাৰ কৰে ভূকম্পন প্ৰযুক্তি ব্যৱহাৰ কৰি৷ দক্ষিণ মেৰুৰ ভূকম্পন কেন্দ্ৰৰ পৰা ইয়াৰ বিষয়ে জনাৰ চেষ্টা কৰা হয়৷ এই পৰ্বত উপৰিভাগৰ পৰা প্ৰায় ২৯০০ কিল’মিটাৰ গভীৰতাত আছে৷ ইয়াৰ পৰাই ক’ৰ আৰম্ভ হোৱা বুলি কোৱা হয়৷ বিজ্ঞানীসকলৰ মতে ইয়াত গতি-বিধি যথেষ্ট কম আৰু সেয়েহে এই বিষয়ে ইমানদিনে কোনেও জনা নাছিল৷ ইয়াক আল্ট্ৰা ল’ ভেল’চিটি জ’ন বুলিও কোৱা হয়৷ কিন্তু প্ৰবল জোকাৰণি তথা আণৱিক বিস্ফোৰণৰ জৰিয়তে লাভ কৰা ভূকম্পনৰ তথ্যৰ সহায়ত বিজ্ঞানীসকলে এই বিশাল পৰ্বতৰ বিষয়ে তথ্য লাভ কৰে৷ বিজ্ঞানীসকলৰ মতে পৃথিৱীৰ অভ্যন্তৰত মহাসাগৰীয় খোলাৰ সৃষ্টি হোৱাৰ সময়তে এই পৰ্বতৰ সৃষ্টি হৈছিল বুলি অনুমান কৰা হৈছে৷ এই পৰ্বত বেছাল্ট আৰু সমুদ্ৰ পৃষ্ঠত পোৱা পদাৰ্থৰে গঠিত হ’ব পাৰে বুলিও বিজ্ঞানীসকলে অনুমান কৰিছে৷