পৃথিৱীৰ কক্ষপথত নতুন গ্ৰহাণুৰ সন্ধান

0
10

২০২৪ পি টি ফাইভ৷ কোৱা হৈছে এইটো এখন পৃথিৱীৰ দ্বিতীয়টো চন্দ্ৰ৷ ইয়াৰ নাম মিনি মুন৷ বিগত কেইবাদিনো ধৰি এই মিনি মুনক লৈ আলোচনা তুংগত উঠিছে৷ দক্ষিণ আফ্ৰিকাৰ সাদাৰলেণ্ডত গ্ৰহাণু টেৰিষ্ট্ৰিয়েল-ইমপেক্ট লাষ্ট আলাৰ্ট ছিষ্টেমত পৃথিৱীৰ কক্ষপথত এই গ্ৰহাণুটোৰ সন্ধান লাভ কৰিছিল৷ এই মিনি মুনৰ আয়তন হৈছে ইয়াৰ ব্যাস প্ৰায় ১০ মিটাৰ অৰ্থাৎ ৩৩ ফুট৷ যোৱা ২৯ ছেপ্টেম্বৰত ই পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰিছে৷ এই নতুন গ্ৰহাণু মিনি মুন ২০২৪ পি টি ফাইভক লৈ মহাকাশ বিজ্ঞানীয়ে কৈছে যে এই গ্ৰহাণুৰ সন্ধান পোৱাৰ পাছত ইয়াত থকা মহামূল্যৱান দ্ৰব্যাদিৰ সন্ধানো পোৱা গৈছে৷ বিজ্ঞানীয়ে কোৱা মতে কিছুমান গ্ৰহাণু কেৱল পাথৰৰ দ্বাৰা তৈয়াৰী হ’লেও একাধিক গ্ৰহাণুত প্লেটিনাম, সোণ, নিকেল, কোৱাল্ট আদিৰ দৰে বহু মূল্যৱান ধাতুৰ উপস্থিতি লক্ষ্য কৰা যায়৷ বহু গ্ৰহাণুৰ গঠনে বিশ্বৰ অৰ্থনীতিক প্ৰভাৱিত কৰিব পাৰে৷ সেয়ে বিজ্ঞানীয়ে এই নতুন গ্ৰহাণুটোতো তেনে মূল্যৱান সম্পদ থকা বুলি ধাৰণা কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here