পৃথিৱীৰ এনে এখন দেশ, যি ৮ বছৰ পিছুৱাই চলে

0
56

পৃথিৱী এটা নিৰ্দিষ্ট সময়ত এটা বছৰ সম্পূৰ্ণ কৰে আৰু এটা নিৰ্দিষ্ট বছৰৰ পাছত পুনৰ এটা বছৰৰ পৰা আৰম্ভ হয়৷ কিন্তু পৃথিৱীৰ এনে এখন দেশ আছে, যিখন দেশ পৃথিৱীৰ আন দেশতকৈ আঠ বছৰ পিছুৱাই চলে৷ যিসকলে বছৰ মানি এই দেশত প্ৰৱেশ কৰে, তেওঁলোকে এই দেশৰ সীমা পাৰ কৰিলেই আঠ বছৰ পিছুৱাই যায়৷ তাত প্ৰৱেশ কৰা লোকেই নিজৰ দেশৰ আঠ বছৰ আগতে যিদৰে জীৱন যাপন কৰিছিল, এই দেশত খোজ দিয়া মানেই আঠ বছৰ পিছলৈ গতি কৰা৷ আপোনাৰ হয়তো বিশ্বাস হোৱা নাই আৰু নোহোৱাটোৱে স্বাভাৱিক৷ গোটেই বিশ্ব গ্ৰেগৰিয়ান কেলেণ্ডাৰ মানি চলে৷ যি কেলেণ্ডাৰ যীশুখ্ৰীষ্টৰ জন্মৰ পৰা চনক নিৰ্ধাৰণ কৰিয়েই তাৰিখ গণনা কৰি আহিছে৷ কিন্তু ইথিঅ’পিয়া নামৰ দেশখনে মানি চলে তেওঁলোকৰ নিজৰ ইথিঅ’পিয়ান কেলেণ্ডাৰ৷ সেই ইথিঅ’পিয়ান কেলেণ্ডাৰ গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ সৈতে একেবাৰে নিমিলে৷ এই ইথিঅ’পিয়ান কেলেণ্ডাৰখন গ্ৰেগৰিয়ান কেলেণ্ডাৰতকৈ আঠ বছৰ পিছুৱাই নিয়ম মানি চলে৷ জানিব পৰা মতে গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ ১১ ছেপ্টেম্বৰ ইথিঅ’পিয়ান কেলেণ্ডাৰৰ নৱবৰ্ষ৷ এই কেলেণ্ডাৰৰ ১২ মাহত এটা বছৰ নহয়, ১৩ মাহতহে এটা বছৰ সম্পূৰ্ণ হয়৷ আফ্ৰিকাৰ সকলোতকৈ পুৰণি স্বাাধীন ৰাষ্ট্ৰ ইথিঅ’পিয়াৰ লোকে এই প্ৰাচীন ৰীতি কিন্তু সময়ৰ সৈতে সলনি নকৰে৷ সেয়ে এতিয়াও ইয়াৰ বাসিন্দাই ইথিঅ’পিয়ান কেলেণ্ডাৰ মানিয়েই সময় নিৰ্ধাৰণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here