পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ বৰ্তমানৰ পথ সৰ্বনশীয়া: ৰাষ্ট্ৰসংঘ (Global warming taking an alarming course)

0
427
ৰাষ্ট্ৰসংঘৰ Framework Convention on Climate Change চমুকৈ  UNFCCC-ৰ এখন নতুন প্ৰতিবেদনৰ মতে, পৃথিৱীৰ উষ্ণতা এই শতিকাৰ শেষলৈ প্ৰাক্‌-ঔদ্যোগিক পৰ্যায়তকৈ ২.৭ ডিগ্ৰী চেলচিয়াছতকৈও বেছি হোৱাৰ দিশত আগবাঢ়িছে৷ বিজ্ঞানীসকলৰ মতে, জলবায়ুৰ সংকটৰ গুৰুতৰ পৰিণাম প্ৰতিৰোধ কৰিবলৈ হ’লে বিশ্বৰ উষ্ণতা প্ৰাক্‌-ঔদ্যোগিক পৰ্যায়তকৈ ১.৫ ডিগ্ৰী চেলছিয়াছতকৈ কম হৈ থাকিব লাগিব৷ প্ৰতিবেদনখনৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটাৰেছে কয় যে পৃথিৱীৰ বৰ্তমানৰ পথ ‘সৰ্বনশীয়া’৷ গুটাৰেছে কয় যে পেৰিছ জলবায়ু চুক্তিত উষ্ণতা ১.৫ ডিগ্ৰী চেলচিয়াছত সীমাবদ্ধ কৰাৰ লক্ষ্যত উপনীত হ’বলৈ ছবছৰৰ আগতে দিয়া প্ৰতিশ্ৰুতি ভংগ হ’ব৷ এই লক্ষ্যত উপনীত হোৱাত ব্যৰ্থতাৰ পৰিণাম হ’ব জীৱন আৰু জীৱিকাৰ প্ৰচুৰ ক্ষতি৷ তেওঁ লগতে কয় যে তথাপি আমি সেই লক্ষ্যত উপনীত হ’ব পাৰিম, কিন্তু জোঁৰ পুৰি প্ৰায় হাত পালেহি৷ জলবায়ুৰ সংকটৰ বিৰুদ্ধে প্ৰতিযোগিতাত জয়লাভ কৰিবলৈ আমাক প্ৰকৃত লক্ষ্যৰ প্ৰয়োজন৷ এই লক্ষ্যত উপনীত হ’বলৈ আমাৰ উপায় আছে, কিন্তু সময় দ্ৰুত কমি আহিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here