পৃথিৱীৰ অন্তঃস্থলৰ গঠন সম্পৰ্কে কি কয় বিজ্ঞানীয়ে ?

0
318

মানুহে মহাশূন্যত যেনেকৈ খোজ পেলাইছে, মাটিৰ তল অৰ্থাৎ ভূপৃষ্ঠত তলৰ বিষয়ে ধাৰণা তথা তথ্য আহৰণৰ বাবে পিছ পৰি থকা নাই৷ বিজ্ঞানীসকলে মত ব্যক্ত কৰিছিল যে ভূগৰ্ভৰ গভীৰ গহ্বৰত তৰল পদাৰ্থৰ স্ৰোত চলি আছিল৷ কিন্তু এই সময়তে ভূমিকম্পই এই ধাৰণা সলনি কৰি দিলে৷ পৃথিৱাৰ অভ্যন্তৰত তৰল লাভা নহয় তাৰ পৰিৱৰ্তে ভূভাগৰ অন্তঃস্থলত লোহা তথা নিকেলৰ মিশ্ৰণৰ ফলত তৈয়াৰী ৭২৫ কিলোমিটাৰ দৈৰ্ঘ্য এটা তৰপ পোৱা যায়৷ এই দাবী কৰিছে বিজ্ঞানীয়ে৷ ইমানদিনে বিজ্ঞানীসকলৰ এটা ধাৰণা আছিল যে পৃথিৱীৰ মুঠ চাৰিটা স্তৰ আছে৷ ভূত্বক, আৱৰণ, বহিঃভাগৰ তৰল আৰু কঠিন অভ্যন্তৰীণ স্তৰ৷ কিন্তু পৃথিৱীৰ অন্তঃস্থল দুটা স্তৰত বিভক্ত৷নেচাৰ পাব্লিকেশ্যন জাৰ্নালত প্ৰকাশিত এখন গৱেষণা পত্ৰত এই বিষয়টো পোহৰলৈ আহে৷ ভূমিকম্প, ভূতৰংগৰ পাছত গৃহীত তথ্যৰ পৰা এই বিষয়টো সম্পৰ্কে ধাৰণা লাভ কৰিবলৈ সক্ষম হয় বুলি বিজ্ঞানী মহলে জানিবলৈ দিছে৷ তেওঁলোকে জনোৱা মতে ভূমিকম্পৰ সময়ত যি তৰংগৰ সৃষ্টি হয়, পাথৰৰ মাজেৰে প্ৰবাহিত হয় সেই তৰংগ৷ খনিজ পদাৰ্থৰ দ্বাৰা  এই পাথৰ তৈয়াৰী বাবে তৰংগৰ গতিও তেতিয়া পৰিৱৰ্তিত হয়৷ আনহাতে এনে কিছু তৰংগও আছে, যি তৰলৰ মাজেৰে প্ৰবাহিত হ’ব নোৱাৰে৷ সেই ক্ষেত্ৰত খুন্দা খাই ঘূৰি আহে৷ ইয়াৰ বাবে পৃথিৱীৰ অন্তঃস্থলত পৃথক এটা স্তৰ পোৱা যায় বুলি গৱেষণাত জানিব পৰা গৈছে৷ গৱেষকে দাবী কৰা মতে ভূতৰংগ যেতিয়া পৃথিৱীৰ অন্তঃস্থলৰে সঞ্চাৰিত হয়, সেই সময়ত অৱস্থান অনুযায়ী গতিতো পৃথককৈ ধৰা পৰে৷  এই তৰংগ পৃথিৱীৰ বহিৰাবৰণৰ ওপৰেৰে এক মেৰুৰ পৰা অন্য মেৰুলৈ দ্ৰুত গতিৰেই প্ৰবাহিত হয়৷ বিজ্ঞানীসকলে দাবী কৰে যে আদিৰ পৰা কোটি কোটি বছৰ আগেয়ে পৃথিৱীত যেতিয়া ঠাণ্ডা হয়, লোহা বা নিকেলৰ দৰে গধুৰ উপাদান ক্ৰমশঃ ওচৰৰ ফালে ধাৱিত হয়৷ ইয়াৰ ফলত তুলনামূলক কিছুমান কোমল উপাদানেৰে পৃথিৱীৰ বহিৰাবৰণ গঠিত হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here