পৃথিৱীসদৃশ মাটি-শিল থকাপ্ৰথমটো গ্ৰহৰ সম্ভাৱনা লাভ

0
265

পৃথিৱীৰ সমান আকাৰৰ এটা গ্ৰহৰ পৰা অহৰহ আহি থকা বেতাৰ সংকেত বিজ্ঞানীসকলে ধৰা পেলাইছে৷ এই গ্ৰহটো আমাৰ সৌৰজগতৰ বাহিৰৰ আৰু ইয়াত পৃথিৱীৰ দৰে মাটি-শিল থাকিব পাৰে বুলি অনুমান কৰা হৈছে৷ জ্যোতিৰ্বিদসকলৰ মতে, এই গ্ৰহটোত জীৱ থকাৰ সম্ভাৱনা আছে৷ তেওঁলোকে কৰা দাবী মতে, গ্ৰহটোত জীৱৰ বাবে অনুকূল পৰিৱেশৰ সৃষ্টি কৰা চৌম্বকীয় আৱেশো আছে৷ পৃথিৱীৰ পৰা প্ৰায় ১২ আলোক বৰ্ষ দূৰৈত থকা এই গ্ৰহটোৰ নাম ৰখা হৈছে ৱাই জেদ চেটি বি৷ ইউ এছ নেশ্যনেল ছায়েন্স ফাউণ্ডেশ্যনৰ নেশ্যনেল ৰেডিঅ’ এষ্ট্ৰ’নমী অবজাৰ্ভেটৰীৰ প্ৰগ্ৰেম ডাইৰেক্টৰ জ’ পেছেৰ মতে, আমাৰ সৌৰ জগতৰ বাহিৰৰ সৌৰজগতত জীৱ থকা- নথকাতো নিৰ্ভৰ কৰে তাৰ গ্ৰহত মাটি বা শিল থকাটোৰ লগতে চৌম্বকীয় আৱেশ থকা-নথকাৰ ওপৰত৷ তেওঁৰ মতে, ৱাই জেদ চেটি বিত কেৱল চৌম্বকীয় আৱেশেই নহয় আন বহুত কিবাকিবি আছে, যিবিলাকৰ অন্বেষণ কৰিব পৰা যায়৷ চৌম্বকীয় আৱেশে কোনো এটা গ্ৰহক মহাকাশৰ পৰা অহা যিকোনো ধৰণৰ ধুমুহাৰ পৰা ৰক্ষা কৰে৷ আমাৰ সৌৰ জগতৰ মঙল এনেকুৱা এটা গ্ৰহ আছিল যাৰ নিজা বায়ুমণ্ডল থকাৰ লগতে ইয়াৰ তাপমাত্ৰাও জীৱৰ বাবে অনুকূল আছিল৷ গ্ৰহটোৰ চৌম্বকীয় আৱেশ নোহোৱা হোৱাৰ ফলত ইয়াৰ বায়ুমণ্ডলো লাহে লাহে নোহোৱা হৈ পৰে৷ কিন্তু বিজ্ঞানীসকলে ১২ আলোক বৰ্ষ দূৰৈত থকা গ্ৰহটোৰ পৰা অহৰহ আহি থকা বেতাৰ সংকেতৰ জৰিয়তে বিভিন্ন ধৰণৰ তথ্য লাভ কৰিব পৰা যাব বুলি আশা কৰিছে৷ জ্যোতিৰ্বিদসকলৰ মতে, এই বেতাৰ সংকেতৰ অৰ্থ হ’ল গ্ৰহটোৰ চৌম্বকীয় আৱেশৰ সৈতে ই পৰিভ্ৰমণ কৰি থকা নক্ষত্ৰটোৰ প্ৰতিক্ৰিয়া হৈছে৷ তেওঁলোকৰ মতে, গ্ৰহটোত জীৱ নাথাকিবও পাৰে৷ ইয়াৰ কাৰণ হ’ল গ্ৰহটোৰ পৰিভ্ৰমণ কাল মাত্ৰ দুদিন৷ গ্ৰহটোৰ পৰা অহা শক্তিশালী বেতাৰ তৰংগৰ আধাৰত ইয়াৰ চৌম্বকীয় ক্ষেত্ৰ আছে বুলি কোৱা হৈছে যদিও ইয়াক এতিয়াও নিশ্চিত কৰা হোৱা নাই৷ সেইটো নিশ্চিত কৰিলে ই পৃথিৱীৰ সমান আকাৰৰ আৰু মাটি-শিল থকা প্ৰথমটো গ্ৰহৰূপে পৰিগণিত হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here