পৃথিৱীত অৰম্ভণিতে পানী আছিল নে বাহিৰৰ কোনো উৎসৰ পৰা পানী পাইছিল, তাক লৈ বিতৰ্ক তথা অনিশ্চয়তা আছে বিজ্ঞানীৰ মাজত৷ কোনো কোনো বিজ্ঞানীৰ ধাৰণা পৃথিৱীত প্ৰথম জীৱৰ আৱিৰ্ভাৱ হোৱাৰ আগতেই পানীৰ উপস্থিতি আছিল৷ আনহাতে আন কোনো বিজ্ঞানীয়ে ধাৰণা কৰে যে সৌৰজগতৰ থকা গ্ৰহাণুৰ জৰিয়তে পৃথিৱীলৈ পানী আহিছিল৷ সম্প্ৰতি যুক্তৰাষ্ট্ৰৰ ৰুটজাৰ্ট বিশ্ববিদ্যালয়ৰ নিউ ব্ৰান্সউইকৰ এদল বিজ্ঞানীয়ে জানিবলৈ দিছে যে পৃথিৱীত পানীৰ উৎপত্তিৰ আগৰ ধাৰণাতকৈ বহু আগতে পানী আছিল৷ পৃথিৱীয়ে ইয়াৰ গঠনৰ চূড়ান্ত পৰ্যায়ত পানী আছিল৷ নতুন এই আৱিষ্কাৰে পৃথিৱীত প্ৰাণৰ বিকাশৰ ক্ষেত্ৰতো নতুন তথ্য দিব পাৰে বুলি ধাৰণা কৰা হৈছে৷ পৃথিৱীত পানীৰ উৎসৰ সময়ৰ বিষয়ে বিজ্ঞানী কেথৰিন বাৰ্মিংহামে কৈছে যে পৃথিৱীত কেতিয়াৰ পৰা পানী, সেই কথাটো গ্ৰহবিজ্ঞানৰ কাৰণে এক উত্তৰহীন প্ৰশ্ন৷ যদি ইয়াৰ সঠিক উত্তৰ পোৱা যায়, তেনেহ’লে ইয়াত জীৱ কেতিয়া আৰু কিদৰে বিকশিত হৈছিল, সেই সম্পৰ্কে আৰু স্পষ্টভাৱে জানিব পৰা যাব৷ আনহাতে নতুন গৱেষণাই কৈছে যে পৃথিৱীৰ গঠনৰ প্ৰাথমিক পৰ্যায়ত পানীৰ উপস্থিতি নাছিল৷ বহু পাছতহে পানীৰ সন্ধান পোৱা গৈছে পৃথিৱীত৷ পৃথিৱীৰ প্ৰাথমিক ৰাসায়নিক ইতিহাস সম্পৰ্কে জানিবলৈ স্মিথছোনিয়ান ইনষ্টিটিউটৰ নেশ্যনেল মিউজিয়াম অব নেচাৰেল হিষ্ট্ৰীৰ পৰা উল্কাপিণ্ডৰ নমুনা পৰীক্ষা কৰিছে বিজ্ঞানীয়ে৷ সেই উল্কাপিণ্ডত থকা মলিবডেনাম আইচ’টপৰ নতুন কৌশল পৰীক্ষা কৰিছে৷ মলিবডেনামৰ আইচ’টপ পৃথিৱীৰ ভূত্বক আৰু উল্কাপিণ্ড উভয়ৰে মাজতে পোৱা যায়৷ এই বিষয়ে বিজ্ঞানী বাৰ্মিহামে কৈছে যে পৃথিৱীৰ শিলাৰ মলিবডেনাম আইচ’টপ সংমিশ্ৰণ আমাৰ পৃথিৱীৰ মূল গঠনৰ সময়ত সংঘটিত হোৱা বিভিন্ন ঘটনাৰ তথ্য প্ৰদান কৰে৷ সেই সময়ত পৃথিৱীৰ শেষ ১০-২০ টা উপাদান একত্ৰ হৈছিল৷ বিজ্ঞানীয়ে সৌৰজগতৰ উৎপত্তিস্থলৰ ভিত্তিত উল্কাক দুটা প্ৰধান দলত শ্ৰেণীবদ্ধ কৰিছে৷ চিচি উল্কাপিণ্ড সৌৰগজগতৰ বাহিৰত থাকে আৰু এন চি উল্কাপিণ্ডৰ উৎপত্তি অভ্যন্তৰীণ সৌৰজগতত৷ গৱেষণাত এন চি উল্কাপিণ্ড বিশ্লেষণ কৰি দেখা পাইছে, পৃথিৱীৰ শিলাত থকা মলিবডেনাম আইচ’টপৰ সৈতে এন চি উল্কাপিণ্ডত থকা মলিবডেনামৰ বেছ সাদৃশ্য আছে৷ এই বিষয়ে বিজ্ঞানীয়ে কৈছে যে সৌৰজগৰত পৃথিৱীৰ বিল্ডিং ব্লক বা গঠন উপাদানৰ ধূলিকণা বা গেছ কেতিয়াৰ পৰা আছিল, তাৰ সন্ধান উলিয়াব লাগিব৷