পৃথিৱীত দাৰিদ্ৰ্যৰ কবলত১৬.৫০ কোটি লোক

0
145


ক’ভিড-১৯ মহামাৰী, জীৱন নিৰ্বাহৰ ব্যয় বৃদ্ধিৰ সংকট আৰু ইউক্ৰেইনৰ যুদ্ধই ২০২০ চনৰ পৰা পৃথিৱীৰ ১৬ কোটি ৫০ লাখ লোকক দাৰিদ্ৰ্যলৈ ঠেলি দিলে৷ ৰাষ্ট্ৰসংঘই এই কথা কয় আৰু উন্নয়নশীল দেশসমূহৰ ঋণ পৰিশোধ সাময়িকভাৱে বন্ধ ৰাখিবলৈ আহ্বান জনায়৷ উল্লিখিত কাৰণবোৰৰ বাবে ২০২০-২৩ চনৰ ভিতৰত জ্জ কোটি ৫০ লাখ লোক চৰম দাৰিদ্ৰ্যৰ কবলত পৰিব৷ অৰ্থাৎ এইসকল লোক দৈনিক ২.১৫ ডলাৰতকৈও কম খৰচত চলিব লাগিব৷ এই সময়ছোৱাত ৯ কোটি লোক দাৰিদ্ৰ্য সীমাৰেখাৰ তললৈ যাব৷ ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীয়ে [ইউ এন ডি পি] প্ৰকাশ কৰা এটা নতুন অধ্যয়নত এই কথা কোৱা হৈছে৷ প্ৰতিবেদনখনত কোৱা হৈছে যে আটাইতকৈ দৰিদ্ৰসকলেই বেছিকৈ ভুগিছে আৰু ২০২৩ চনত তেওঁলোকৰ আয় মহামাৰীৰ আগৰ পৰ্যায়তকৈও কম হ’ব৷ এটা বিবৃতিত ইউ এন ডি পিৰ মুৰব্বী এ ষ্টেইনাৰে কয় যে যোৱা তিনি বছৰত সুৰক্ষা ব্যৱস্থাত বিনিয়োগ কৰিব পৰা দেশসমূহে বহুসংখ্যক লোকক দাৰিদ্ৰ্যৰ বলি হোৱাৰ পৰা ৰক্ষা কৰিলে৷ যিবোৰ দেশৰ ঋণৰ বোজা বেছি, সেইবোৰ দেশে সামাজিক সুৰক্ষাত ধন ব্যয় কৰিব পৰা নাই আৰু দাৰিদ্ৰ্যও উদ্বেগজনকভাৱে বাঢ়িছে৷ আনহাতে কম ঋণ থকা উন্নয়নশীল দেশসমূহে বেছি সুত ভৰিবলগীয়া হৈছে৷ তাৰ আংশিক কাৰণ হ’ল সুতৰ বৰ্ধিত হাৰ৷ ৰাষ্ট্ৰসংঘৰ আন এখন প্ৰতিবেদন মতে, পৃথিৱীৰ জনসংখ্যাৰ প্ৰায় আধা, অৰ্থাৎ ৩৩০ কোটি লোকে বাস কৰা দেশবোৰে শিক্ষা আৰু স্বাস্থ্যতকৈ ঋণৰ সুত পৰিশোধত বেছি ধন ব্যয় কৰে৷ অৰ্থনৈতিক সংকটত পৰা দেশসমূহৰ ক্ষেত্ৰত ঋণ পৰিশোধ বন্ধ ৰাখিবলৈ বিভিন্ন সংস্থাক ইউ এন ডি পিৰ প্ৰতিবেদনখনত আহবান জনোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here