এই দ্বীপটোৰ সম্পৰ্কে আগতে জনা নাই যদি ইয়াৰ বিষয়ে অলপমান জানক বা সময়-সুবিধা মিলাই দ্বীপটোৰ দৰ্শনৰ চেষ্টা কৰক৷ ইয়ালৈ আহি আপুনি যে চমকি উঠিব তাত সন্দেহ নাই৷ আপোনাৰ গা শিয়ৰি উঠিব ইয়াত উপস্থিত হ’লে৷ কাৰণ ইয়াত থকা অদ্ভুত চেহেৰাৰ গছ-গছনি পৃথিৱীতো যে থাকিব পাৰে সেয়া আপুনি কল্পনাও কৰিব নোৱাৰে৷ আপুনি সপোন ৰাজ্যত প্ৰৱেশ কৰা যেন বোধ হ’ব৷ হয়, আপুনি ঠিকেই শুনিছে এইখন পৃথিৱীতে এনে এটা দ্বীপ আছে, য’ত গ’লে কল্পনাৰ সাগৰত বাস কৰা যেন লাগে৷ সকোত্ৰা দ্বীপপুঞ্জ– যেন পৃথিৱীৰ মাজত থকা এটা বেলেগ গ্ৰহৰ দ্বীপ৷ এই সকোত্ৰা গালফ অব এডেনৰ কাষত ভাৰত মহাসাগৰৰ মাজত চাৰিটা দ্বীপৰ সমষ্টি এটা দ্বীপপুঞ্জ৷ ইয়েমেনৰ উপকূলৰ পৰা প্ৰায় ২৫০ মাইল দূৰত্বত অৱস্থিত দ্বীপপুঞ্জটোৰ প্ৰধান দ্বীপটোৰ নাম সকোত্ৰা৷ এই দ্বীপপুঞ্জটোত এনে কিছুমান অদ্ভুত চেহেৰাৰ গছ-গছনি দেখিবলৈ পোৱা যায়, যি পৃথিৱীৰ আন অংশৰ গছ-গছনিৰ সৈতে একেবাৰে নিমিলে৷ দ্বীপটোৰ ৮২৫ বিধ উদ্ভিদৰ মাজৰ তিনি ভাগৰ এভাগো পৃথিৱীত ক’তো দেখিবলৈ পোৱা নাযায়৷ উদ্ভিদৰ দৰে প্ৰাণীৰ ক্ষেত্ৰতো একেই কথা খাটে৷ সকোত্ৰাৰ সৰীসৃপ প্ৰজাতিবোৰৰ মাজৰ ৯০ শতাংশই ক’তো নাই৷ ইয়াত পোৱা ২৫০ প্ৰজাতিৰ প্ৰবাল, ৭৩০ প্ৰজতিৰ সামুদ্ৰিক মাছৰ উপৰি বহু প্ৰজাতি পোৱা যায়, যি পৃথিৱীৰ আন ঠাইত দেখা নাপায়৷ প্ৰায় পঁচিশ কোটি বছৰ আগেয়ে যেতিয়া ডাঙৰ ডাঙৰ ভূখণ্ডবোৰ যুক্ত হৈছিল, তেতিয়া সকোত্ৰা এটা দ্বীপ হিচাপে অৱস্থান কৰিছিল৷ পৃথিৱীৰ আন অংশৰ সৈতে এই খণ্ডটো বিচ্ছিন্ন হোৱাৰ ফলত ইয়াৰ উদ্ভিদ তথা প্ৰাণীবোৰ আন ঠাইলৈ যাব নোৱাৰি ইয়াতে অৱস্থান গ্ৰহণ কৰে৷ সাধাৰণতে দ্বীপটোত সকলো সময়তে উচ্ছ তাপমাত্ৰা থাকে৷ দ্বীপটোৰ আধা অংশ মৰুময়৷ ইয়াৰ খুব কম পৰিমাণে বৰষুণ হয়৷ আপুনি হয়তো ভাবিব পাৰে যে এই আজব দ্বীপপুঞ্জটোত মানুহৰ বসতি নাই৷ কিন্তু এয়া নহয়, প্ৰায় দুই হাজাৰ বছৰ ধৰি ইয়াতে মানুহে বসতি স্থাপন কৰি আহিছে৷ ইয়াৰ বাসিন্দাসকলে মাছ ধৰা, পশুপালন তথা গছ-গছনিৰ বাগান স্থাপন কৰি জীৱন ধাৰণ কৰি আহিছে৷ সকোত্ৰাৰ আশ্চৰ্য গছ-গছনিবোৰৰ ভিতৰত প্ৰথমে কোৱা হয় ড্ৰাগন’ছ ব্লাড ট্ৰিৰ কথা৷ ইয়াৰ ওপৰৰ অংশটো ছাতিৰ দৰে৷ গছৰ ৰঙা ৰসক আগতে কোৱা হৈছিল ড্ৰাগন’ছৰ তেজ৷ ঔষধি গছ আৰু ৰঞ্জক হিচাপে এই গছবোৰ জনপ্ৰিয়৷ ইয়াৰ ৰং বাৰ্নিচ হিচাপে ব্যৱহাৰ কৰা হয়৷ সকোত্ৰাৰ আন এবিধ বিখ্যাত গছ হ’ল বোতলগছ৷ এইধৰণৰ গছ এসময়ত আৰবৰ মূলভূমিত দেখা পোৱা গৈছিল যদিও এতিয়া কেৱল সকোত্ৰাতে দেখিবলৈ পোৱা যায়৷ ইয়াত পোৱা বিভিন্ন প্ৰজাতিৰ বোতলগছৰ সুন্দৰ গোলাপী ৰঙৰ বাবে পৰিচিত ডেজাৰ্ট ৰোজ বা মৰু গোপাল নামেও জনাজাত৷