পৃথিৱীক কৃষ্ণ গহ্বৰে গ্ৰাস কৰাৰ পাছত জীৱ জীয়াই থাকিবনে ?

0
310


নিশাৰ আকাশত দেখিবলৈ পোৱা তৰাবোৰেই অকল নহয়, ইয়াৰ লগত থাকে কৃষ্ণ গহবৰো৷ বিশ্বব্ৰহ্মাণ্ডত কৃষ্ণ গহবৰক দানৱ বুলি কোৱা হয়৷ কৃষ্ণ গহবৰে যিকোনো বস্তুকে গিলিব পাৰে৷ এতিয়ালৈকে কৃষ্ণ গহবৰে ভালেমান গ্ৰহ আৰু নক্ষত্ৰক গ্ৰাস কৰিছে৷ গ্ৰাস কৰাৰ পাছত এই গ্ৰহ বা নক্ষত্ৰবোৰ কি হ’ল, সেই কথা কোনেও নাজানে৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি এসময়ত আমাৰ পৃথিৱীখনকো কৃষ্ণ গহবৰে গ্ৰাস কৰিব৷ মন কৰিবলগীয়া কথা যে বিজ্ঞানীসকলে এতিয়ালৈকে কৃষ্ণ গহবৰ বিষয়ে সঠিক তথা লাভ কৰা নাই৷ ইয়াৰ প্ৰধান কাৰণ হ’ল কৃষ্ণ গহবৰ আশে-পাশে বিজ্ঞানৰ সকলো তত্ত্ব আকামিলা হৈ পৰে৷ ইয়াত মাত্ৰ দুটা বস্তুৱেই পোৱা যায়, সেয়া হ’ল মাধ্যাকৰ্ষণ শক্তি আৰু অন্ধকাৰ৷ এনে অৱস্থাত ভৱিষ্যতে পৃথিৱীক কৃষ্ণ গহবৰে গ্ৰাস কৰাৰ পাছত কি হ’ব, মানুহ, আন জীৱ-জন্তু জীয়াই থাকিবনে? একাংশ বিজ্ঞানীৰ মতে কৃষ্ণ গহবৰ মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱ ইমানেই বেছি যে তাত সোমোৱাৰ পাছত পৃথিৱীত থকা কোনো জীৱই বাচি থকাটো সম্ভৱপৰ নহ’ব৷ বিশেষজ্ঞৰ মতে কৃষ্ণ গহবৰ মাধ্যাকৰ্ষণ অতি শক্তিশালী৷ পৃথিৱীক কৃষ্ণ গহবৰ গ্ৰাস কৰাৰ পাছত মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱৰ মানুহ দীঘলীয়া হৈ পৰিব৷ ইয়াৰ লগতে আনুভূতিক দিশত হেলনীয়া হৈ পৰাৰো সম্ভাৱনা আছে৷ ইম্পিৰিকেল কলেজৰ অধ্যাপক ডেভিদ এল ক্লেমেণ্টছে কয় যে পৃথিৱীৰ কৃষ্ণ গহবৰ গ্ৰাস কৰাৰ পাছত ইয়াত থকা জীৱ বাচি থকাটো অসম্ভৱ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here