অকল সৌৰজগতে নহয়, এই পৰ্যন্ত আৱিষ্কৃত মহাবিশ্বত পৃথিৱী একমাত্ৰ গ্ৰহ, য’ত প্ৰাণী জীয়াই থকাটো সম্ভৱ৷ বিজ্ঞানীসকলে এতিয়াও বিশ্বব্ৰহ্মাণ্ডত কোনে এনে গ্ৰহ আছে নেকি, য’ত প্ৰাণী জীয়াই থকাটো সম্ভৱ তাৰ পৰীক্ষা অহৰ্নিশে কৰি আহিছে৷ অকল এয়াই নহয়, তেওঁলোকে মানুহৰ থাকিবৰ বাবে উপযুক্ত পৰিৱেশ থকাৰ গ্ৰহৰ সন্ধান কৰি আছে৷ কিধৰণৰ প্ৰাণী থাকিব পাৰে বা মানুহে কেতিয়ালৈ থাকিব পাৰে তাৰ ব্যাখ্যাও মহাকাশ সংস্থা নাছাই দিছে৷ সৌৰজগতত এনে কোনো গ্ৰহ আছেনে, য’ত পৃথিৱীৰ বাদে আন গ্ৰহ মানুহৰ কাৰণে নিৰাপদ৷ এই সন্দৰ্ভত নাছাই জনোৱা মতে সকলো গ্ৰহত মানুহে প্ৰাণ ধাৰণ কৰা সম্ভৱ নহয় বা ভৱিষতে বিকাশ লাভ কৰা আশা নাথাকে৷ ইয়াৰ বাবে নাছাই মানুহৰ বাসোপযোগী গ্ৰহৰ ধাৰণা দিছে৷ নক্ষত্ৰৰ তুলনাত গ্ৰহবোৰৰ এটা বিশেষ অৱস্থান থাকে৷ সেইটোৱে প্ৰা্ৰ অস্তিত্বৰ সম্ভাৱনা বঢ়াই তোলে৷ এইধৰণৰ গ্ৰহবোৰত জীৱৰ বিকাশ লাভ সম্ভৱ৷ বাসোযোগ্য গ্ৰহৰ ক্ষেত্ৰত নাছা কৈছে যে নক্ষত্ৰৰ পৰা এটা নিৰ্দিষ্ট ব্যাসাৰ্ধৰ দূৰত্বত সেই গ্ৰহ থাকিব পাৰে৷ ইয়াৰ সৈতে দুটা কথা জড়িত থাকে৷ প্ৰথমে সেই গ্ৰহ পাথৰৰ হ’ব পাৰে, দ্বিতীয়তে পানী তৰল অৱস্থাত থাকিব পাৰে৷ সেই হিচাপে পৃথিৱীৰ বাদে মঙল তথা শুক্ৰ গ্ৰহ এই চৰ্তবোৰ পূৰণ হয়৷ ইয়াৰ উপৰি আৰু এটা গ্ৰহ আছে, সেইটো হ’ল বুধ৷ এই তিনিটা গ্ৰহৰ মাজৰ মঙল একমাত্ৰ গ্ৰহ, যি পৃথিৱীৰ দৰে সকলো ক্ষেত্ৰতে নিৰাপদ গ্ৰহ হিচাপে বিবেচিত হ’ব পাৰে৷ বুধ আৰু শুক্ৰৰ অৱস্থা জীৱন ধাৰণৰ কাৰণে উপযুক্ত নহয়৷ বুধৰ তাপমাত্ৰা ব্যাপকভাৱে উঠা-নমা কৰে আৰু ইয়াৰ পানীভাগ তৰল অৱস্থাত নাথাকে৷ আনহাতে শুক্ৰৰ তাপমাত্ৰা আৰু বায়ুমণ্ডলৰ চাপ বহুত বেছি৷ এই ক্ষেত্ৰত মঙলেই একমাত্ৰ গ্ৰহ , য’ত মানুহে অনুকূল পৰিস্থিতিত বসবাস কৰিব পাৰে৷ বিজ্ঞানীয়ে এই বিষয়ত অধিক তথ্য লাভৰ বাবে গৱেষণা কৰি আছে৷