পুৱা পেটটো চাফা কৰি ৰাখিবলৈ কৰক এই আসন

0
18

আজিকালি ভুল খাদ্যাভ্যাস তথা অসন্তুলন, অস্বাভাৱিক জীৱন যাত্ৰাৰ কাৰণে বেছিভাগ মানুহৰে কোষ্ঠকাঠিন্যকে ধৰি পেটৰ নানা সমস্যাত ভোগা দেখা যায়৷ অতিৰিক্ত জাংকফুড গ্ৰহণ, পানী কমকৈ সেৱন কৰা, এঠাইতে দীৰ্ঘসময় ধৰি বহি থকা, মেদবহুলতা, খাদ্যৰ গ্ৰহণ সময়ত সঠিক নথকা, শাৰীৰিক শ্ৰম নকৰা, ব্যায়াম নকৰা, মানসিক চাপ আদি একাধিক কাৰণত কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ কোষ্ঠকাঠিন্যৰ কাৰণে ময়লা খুব টান হয়, যাৰ কাৰণে মলত্যাগ কৰোতে যথেষ্ট অসুবিধা তথা কষ্ট পোৱা যায়৷ আনকি ইয়াৰ ফলত পাইলছ আদিৰ দৰে গুৰুতৰ সমস্যাৰো সৃষ্টি হ’ব পাৰে৷ বহুতেই কোষ্ঠকাঠিন্যৰ পৰা ৰক্ষা পৰিবলৈ তথা পেট খালী কৰিবলৈ ঔষধ সেৱন কৰি কিছু সময়ৰ বাবে উপশম পায় যদিও ইয়াৰ দীৰ্ঘস্থায়ী সমাধান পোৱা নাযায়৷ একমাত্ৰ ব্যায়াম তথা যোগাসনৰ জৰিয়তেহে কোষ্ঠকাঠিন্য তথা পেট পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত সমাধান পোৱা যায়৷ এইধৰণৰ যোগাসনৰ ভিতৰত ভুজংগাসন অন্যতম৷ কোষ্ঠকাঠিন্য, বদহজম তথা পেটৰ সুস্বাস্থ্যৰ বাবে নিয়মিতভাৱে ভুজংগাসন কৰিলে সুফল পোৱা যায়৷
কিদৰে কৰিব ভুজংগাসন ঃ- এই আসন কৰিবলৈ বিশেষ জটিলতা নাই৷ প্ৰথমে মানুহজন মাটিত পেট পেলাই শুই দিয়ক৷ তাৰ পাছত আপুনি ভৰি দুখন পিছফাললৈ পোন কৰি দিব৷ এতিয়া হাতত ভৰ দি কঁকালৰ পৰা ওপৰৰ অংশটো মাটিত ওপৰলৈ লাহে লাহে উঠাই আনক৷ এইদৰে মূৰটো ওপৰমুৱাকৈ ৰাখি পিছফালে হাওলাই দিব, যাতে পিঠিত কষ্ট অনুভৱ কৰে৷ এনে অৱস্থাত হাত দুখনৰ পোন কৰি মাটিত ভৰ দি ৰাখিব৷ উশাহ-নিশাহ স্বাভাৱিকভাৱে লওক৷ এইদৰে কিছু সময় ৰৈ পাছত আগৰ অৱস্থালৈ পুনৰ ঘূৰি আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here