গোটেই দিনটো কৰ্মব্যস্ততাৰ পাছত নিশা টোপনিৰ মাৰি ৰাতিপুৱা যেতিয়া টোপনিৰ সাৰ পোৱা হয়, শৰীৰটোৱে সতেজতা তথা সজীৱতা অনুভৱ কৰে৷ আগদিনাৰ সমস্ত দুখ-ভাগৰ নোহোৱা হৈ এটা নতুূন জীৱনৰ আৰম্ভণি হয়৷ কেতিয়াবা কিছু ক্ষেত্ৰত দেখা যায় যে পুৱা টোপনিৰ পৰা সাৰ পোৱাৰ পাছতেই সেই সতেজতা অনুভৱ হোৱাৰ পৰিৱৰ্তে ক্লান্তি, বিষণ্ণতা, ভাগৰ আদিহে অনুভু হয়৷ শৰীৰে কোনো ফ্ৰেচনেচ অনুভৱ নকৰে৷ আপোনাৰো যদি টোপনি মাৰি উঠাৰ পাছত এনে অৱস্থা হয়, তেনেহ’লে বুজিব শৰীৰে কিবা অসুবিধা পাই আছে বা শৰীৰত কিবা আৱশ্যকীয় উপাদানৰ নাটনি হৈছে৷ শৰীৰত এইবোৰৰ অভাৱৰ ফলত এইধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ উল্লেখ্য যে শৰীৰৰ কাৰ্যক্ষমতা আৰু শক্তি বজাই ৰাখিবলৈ ভিটামিন আৰু মিনাৰেলৰ আৱশ্যক৷ আনহাতে শৰীৰত হিম’গ্লবিন প্ৰস্তুতত আইৰনে সহায় কৰে, যি অক্সিজেনক শৰীৰৰ বিভিন্ন অংশলৈ পঠিয়াই দিয়ে৷ ইয়াৰ অভাৱ হ’লে শৰীৰলৈ ক্লান্তি আহিব পাৰে৷ ভিটামিন-ডিৰ অভাৱত মাংসপেশীৰ বিষ, হাড়ৰ দুৰ্বলতা হ’ব পাৰে তথা শেষত শৰীৰলৈ ক্লান্তিৰ ভাব আহিব পাৰে৷ এই সমস্যাই ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু মন-মেজাজৰ ওপৰত প্ৰভাৱ পেলায়৷ আনহাতে মেগনেচিয়ামৰ অভাৱত মাংসপেশীৰ বিষ আৰু টোপনিত ব্যাঘাত জন্মিব পাৰে৷ পুৱা উঠিয়েই ক্লান্তি বা দুৰ্বল অনুভৱ হোৱাৰ প্ৰধান কাৰণ শৰীৰত ভিটামিন-বি১২১ অভাৱ হোৱা৷ ইয়াৰ উপৰি শৰীৰত পটাচিয়ামৰ অভাৱ হ’লেও ক্লান্তি, অনিয়মিত হূদ স্পন্দনৰ সমস্যাই দেখা দিব পাৰে৷