পুৱাই যিমানেই ভাল অভ্যাস গঢ় দিব, সিমানে শৰীৰক ভালে ৰখাত সহায় কৰে৷ পুৱাৰ ভাগৰ কিছুমান বদঅভ্যাসে হোৰাহোৰে বঢ়াব পাৰে শৰীৰৰ ওজন৷ কথাতে আছে পুৱাৰ ভাগতে নিৰ্ধাৰণ কৰে দিনটো কেনে যাব৷ কিন্তু সেই পুৱাটোক যদি সঠিকমতে কামত লগাব নোৱাৰে, তাৰ ফল একেবাৰে বেয়া হয়৷ দেৰিকৈ টোপনিৰ পৰা উঠিয়েই খৰধৰকৈ কামলৈ যাব লগাৰ হোৱাৰ বাবে বাদ পৰে পুৱাৰ খাদ্য তালিকা৷ অথবা ৰাতি পুৱাল কি নাই, আৰম্ভ হ’ল জিভাৰ জুতি লগাকৈ লুচি ভাজি তৰকাৰী, জাংক ফুড খোৱা৷ এইবোৰ খাদ্যই কি শৰীৰৰ উপকাৰত লাগে? এনেধৰণৰ খাদ্য তালিকাৰ বাহিৰৰ খাদ্যবোৰে শৰীৰৰ অনিষ্ট সাধনত আগভাগ লয়৷ এনে খাদ্য গ্ৰহণৰ ফলত হোৱা পেটৰ সমস্যাতো আছেই৷ পুৱাই সময়মতে বিছনাৰ পৰা নুঠিলে সকলো কামতে দেৰি হৈ যোৱা স্বাভাৱিক৷ বহুতেই পলমকৈ শোৱাৰ পৰা উঠি খৰখেদাকৈ কৰ্মক্ষেত্ৰলৈ ঢাপলি মেলে৷ ইয়াৰ ফলত বাদ পৰি যায় খাদ্য খোৱাৰ পৰা৷ ইয়াৰ ফলত পুষ্টিৰ অভাৱত গোটেই দিনটো ক্নান্তি অনুভৱ হয়, অলপ কাম কৰিলেই ভাগৰ লাগে৷ ফলত কামত অমনোযোগী হয়৷ বহুতেই আকৌ পুৱাই খাদ্য খোৱাৰ পাছত পূৰামাত্ৰাত পানী সেৱন নকৰে৷ চিৰা, চুজি, মুৰি,পৰঠা আদি পুৱাৰ খাদ্য হিচাপে গ্ৰহণ কৰে যদিও এইবোৰত সাধাৰণতে পৰ্যাপ্ত মাত্ৰাত প্ৰ’টিন নাথাকে৷ মনত ৰাখিব পুৱাৰ খাদ্যত কাৰ্বহাইড্ৰেট, ফেট বা প্ৰ’টিনৰ উপযুক্ত মিশ্ৰণ থকা দৰকাৰ৷ পেকেটজাত ফলৰ ৰসত প্ৰক্ৰিয়াজাত ৰাসায়নিক থাকে৷ ইয়াত অতিৰিক্ত চেনিও ব্যৱহাৰ কৰা হয়৷ ফলত এইবোৰ খাদ্য খালে দ্ৰুতভাৱে শৰীৰৰ ওজন বাঢ়ে৷ বহুতেই প্ৰয়োজনীয় পানীৰ পৰিমাণতকৈ কমকৈ সেৱন কৰে৷ পানী কম পৰিমাণে সেৱন কৰাৰ ফলত শাৰীৰবৃত্তীয় কামত যিমান অসুবিধা হয়, সিমানেই শৰীৰৰ টক্সিন জমা হৈ শৰীৰৰ ওজন বৃদ্ধি পায়৷ সেয়ে গোটেই দিনটোত পৰ্যাপ্ত মাত্ৰাত পানী সেৱন কৰা প্ৰয়োজন৷ পানী সেৱন কৰিলে বিপাক ক্ৰিয়াৰ হাৰ দ্ৰুত হয়, ইয়াৰ ফলত শৰীৰৰ পৰা অতিৰিক্ত দূষিত পদাৰ্থ বাহিৰ হয়৷ শৰীৰ ভালে ৰাখিবলৈ সকলোতকৈ উত্তম উপায়টোৱে হৈছে শৰীৰচৰ্চা৷ নিয়মিতভাৱে শৰীৰচৰ্চা কৰাৰ অভ্যাস কৰিলে শৰীৰ সুস্থ থাকে৷ কিন্তু দেৰিলৈ শোৱা, দৌৰা ঢপৰা নকৰা, শৰীৰচৰ্চাৰ অভাৱে ওজন বৃদ্ধিত সহায় কৰে৷