পুৰুষৰ বাবে দুৰ্দান্ত উপকাৰী : ৯৯%ই নাজানে পিঁয়াজ খোৱাৰ নিয়ম

0
72

পিঁয়াজ অবিহনে কোনো ব্যঞ্জনেই সম্পূৰ্ণ নহয়৷ ৰন্ধন কাৰ্যত পিঁয়াজ আদৰ উচ্চ তথা অন্যতম সামগ্ৰী৷ আমিষ ৰন্ধন প্ৰণালীতো পিঁয়াজ নোহোৱাকৈ একেবাৰে অসম্ভৱ৷ পিঁয়াজে যে অকল খাদ্যৰ সোৱাদেই বঢ়াই তেনে নহয়, ইয়াৰ আছে বিভিন্ন শাৰীৰিক উপকাৰিতা৷ হিট ষ্ট্ৰোকৰ পৰা বাচিবলৈ পিঁয়াজ খাব পাৰে৷ ডায়েটিয়ানে জনোৱা মতে কেঁচা পিঁয়াজ খালে গৰমৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ কিয়নো পিঁয়াজত প্ৰাকৃতিকভাৱে শৰীৰক শীতল কৰাৰ গুণ আছে৷ ইয়াত ছডিয়াম তথা পটাচিয়াম পোৱা যায়, যিয়ে শৰীৰৰ ইলেকট্ৰলাইটৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে৷ হেলথলাইনৰ ৰিপৰ্ট মতে পিঁয়াজত থকা কোৱাৰচেটিন তথা ছালফাৰে শৰীৰ ঠাণ্ডা কৰি ৰখাত সহায় কৰে৷ পিঁয়াজত ফ্লেভোনয়েড, পলিফেনল তথা ছালফাৰ যৌগৰ দৰে ফাইটোকেমিকেল থাকে৷ এই উপাদানবোৰে পিঁয়াজৰ এণ্টিঅক্সিডেণ্ট, এণ্টি ইনফ্লেমেটৰি, এণ্টিমাইক্ৰবিয়েল তথা এণ্টি কেঞ্চাৰৰ বৈশিষ্ট্যক বুজায়৷ অতিৰিক্ত ৰক্তচাপ, হাৰ্ট, হাঁওফাঁও তথা কিডনীৰ ওপৰত অতিৰিক্ত চাপ পৰে৷ পিঁয়াজত থকা এলাইল ছালফাইডে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে৷ পিঁয়াজত হজমকাৰী এনজাইম সক্ৰিয় হৈ গেছ, বদহজমৰ দৰে সমস্যা প্ৰতিৰোধ কৰে৷ পিঁয়াজ ফাইবাৰ তথা প্ৰিবায়’টিক সমৃদ্ধ৷ সেয়ে অন্ত্ৰত বাস কৰা ভাল বেক্টেৰিয়াক পুষ্ট কৰি বেয়া বেক্টেৰিয়াক আঁতৰ কৰে৷ পিঁয়াজে ক্ৰমিয়াম ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে৷ আপুনি যদি ডায়েবেটিছ ৰোগী হয়, ডায়েটত পিঁয়াজ অন্তৰ্ভুক্ত কৰক৷ পিঁয়াজ খালে প্ৰস্ৰাৱৰ উৎপাদন খুব সহজে শৰীৰৰ পৰা বেয়া পদাৰ্থ বাহিৰ কৰাত সহায় কৰে৷ আনহাতে পুৰুষৰ টেষ্টোষ্টেৰনৰ উৎপাদন বঢ়াই দিয়াত সহায় কৰে পিঁয়াজে৷ আপুনি কেঁচা পিঁয়াজ নেমুৰ ৰস, পদিনা, নিমখ তথা জলকীয়া যোগ কৰি খাব পাৰে৷ দৈৰে তৈয়াৰী পিঁয়াজ হাইড্ৰেট৷ ইয়ে শৰীৰ তাপমাত্ৰা কমাই দিয়াত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here