পুৰুষৰ প্ৰথমটো গৰ্ভনিৰোধকবেজীৰ সফল পৰীক্ষা ICMR-ৰ

0
540


ভাৰতীয় চিকিৎসা গৱেষণা প্ৰতিষ্ঠান চমুকৈ আই চি এম আৰ-এ পুৰুষৰ গৰ্ভনিৰোধক বিশ্বৰ প্ৰথমটো বেজীৰ পৰীক্ষা সম্পন্ন কৰে৷ এই প্ৰসংগত আই চি এম আৰৰ গৱেষকে কয় যে বিজ্ঞানীসকলৰ আশাশুধীয়া চেষ্টাত পুৰুষৰ গৰ্ভনিৰোধক বেজীৰ পৰীক্ষাই সফলতা লাভ কৰে৷ তেওঁলোকে লগতে জনায় যে এই বেজী সম্পূৰ্ণ নিৰাপদ আৰু ইয়াৰ কোনোধৰণৰ গুৰুতৰ পাশ্বৰ্ক্ৰিয়া নাই৷ উল্লেখ্য যে এই বেজীৰ তৃতীয় পৰ্যায়ৰ ক্লিনিকেল পৰীক্ষাৰ ফলাফল যোৱা মাহত আন্তঃৰাষ্ট্ৰীয় এণ্ড্ৰলজি জাৰ্নালত প্ৰকাশিত হৈছিল৷ আই চি এম আৰে ২৫-৪০ বছৰ বয়সৰ ৩০৩ জন বিবাহিত স্বাস্থ্যৱান পুৰুষক লৈ এই পৰীক্ষা কৰা হৈছিল৷ নতুন দিল্লী, উধমপুৰ, লুধিয়ানা, জয়পুৰ, খড়গপুৰ আদি পাঁচখন ঠাইত পাঁচটা বিভিন্ন কেন্দ্ৰত এই পৰীক্ষা চলোৱা হৈছিল আৰু উক্ত পৰীক্ষাৰ অন্তত এই গৰ্ভনিৰোধক বেজীটো কাৰ্যকৰী বুলি প্ৰমাণিত হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here