বেল আমাৰ ৰাজ্যত অতি জনপ্ৰিয় ফল৷ বিশেষকৈ বেলৰ চৰবত খালে পোৱা যায় প্ৰশান্তি৷ বেলৰ চৰবত খাবলৈ যিমান সুস্বাদু, ঠিক একেদৰে স্বাস্থ্যৰ কাৰণে ভীষণ উপকাৰী৷ বেলৰ আছে হাজাৰটা উপকাৰিতা৷ পুষ্টিবিদে কোৱা মতে সুস্বাস্থ্যৰ বাবে বেল খোৱা একান্তই জৰুৰী৷ বেলত কাৰ্বহাইড্ৰেট, প্ৰ’টিন, ভিটামিন-চি, ভিটামিন-বি, ভিটামিন-এ, কেলচিয়াম, ফচফৰাছ, পটাচিয়াম আদি বিভিন্ন প্ৰয়োজনীয় উপাদান থাকে৷ বেল খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷ বেল ফেনোলিক কম্পাউণ্ড পোৱা যায়, যি এণ্টিঅক্সিডেণ্ট৷ এই এণ্টিঅক্সিডেণ্টে শৰীৰৰ ফ্ৰী ৰেডিকেল দূৰ কৰা তথা বাৰ্ধক্যৰ চাপ নোহোৱা কৰে৷ কেঁচা বেল সিদ্ধ কৰি চৰবত বনাই বা পকা বেলৰ চৰবত খালে কোষ্ঠকাঠিন্যৰ সমস্যা সমাধান কৰে৷ বেল যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায়, যিয়ে হজমশক্তি উন্নত কৰাত সহায় কৰে৷ পকা বেলত আলচাৰ উপশমকাৰী উপাদান থাকে৷ যিসকলৰ পাইলছ, এনেল ফেষ্টুলা আদি পায়ুৰ ৰোগ থাকে, তেওঁলোকৰ বাবে বেল অতি উপকাৰী৷ পকা বেলত মেথানল নামৰ উপাদান থাকে, যিয়ে তেজত ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে৷ বেলত চৰবতে ব্লাড ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে৷ বেল ভিটামিন-চিৰ উৎস৷ সেয়ে বেল খালে ভিটামিন-চিৰ অভাৱজনিত ৰোগ যেনে স্কাৰ্ভি আদি প্ৰতিহত কৰাত সহায় কৰে৷ বেলত এণ্টি মাইক্ৰ’বিয়েল উপাদান পোৱা যায়৷ যিয়ে যক্ষ্মা ৰোগ নিৰাময় কৰিব পাৰে৷ শৰীৰৰ ক্লান্তি, ভাগৰ আদি নোহোৱা কৰি শৰীৰত শক্তি প্ৰদানত বেলত চৰবত যথেষ্ট কাৰ্যকৰী৷ বেলত প্ৰচুৰ পৰিমাণে ভিটামিন-এ থাকে বাবে চকুৰ স্বাস্থ্যৰ বাবে বেল উপকাৰী৷ বেলত থিয়ামিন আৰু ৰিবোফ্লেভিন নামৰ উপাদান পোৱা যায়, যিয়ে লিভাৰৰ সুস্থতাৰ বাবে প্ৰয়োজনীয়৷ মেলেৰিয়া হ’লে কেঁচা বেলৰ চৰবত বা বেলত ভিজাই ৰখা পানী খালে উপশম পোৱা যায়৷ ডায়েৰিয়াৰ সমস্যাত পকা বেল খোৱা উচিত নহয় যদিও কেঁচা বেল ৰ’দত শুকাই গুৰি কৰি পানীৰ লগত মিহলাই খালে সুফল পোৱা যায়৷