পুনৰ নতুন সংযোজনেৰে মহাকাশত ‘ফাৰ্ষ্ট বয়’ ভাৰত

0
81

মহাকাশ বিজ্ঞানত ভাৰতবৰ্ষই আন বহু দেশৰ পিছ পেলাই দ্ৰুতগতিত আগুৱাই যে গৈছে, তাক পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে৷ গোটেই বিশ্বকে চকম খুৱাই ভাৰতে মহাকাশত নতুন সংযোজনেৰে ‘প্ৰথম ছাত্ৰ’ হিচাপে উত্তীৰ্ণ হয়৷ পুনৰবাৰ মহাকাশত ইতিহাসৰ সৃষ্টি কৰিলে ভাৰতে৷ আই আই টি মাদ্ৰাজৰ ষ্টাৰ্টআপ অগ্নিকুলে সেই কাম কৰি দেখুৱালে৷ আই আই টি, মাদ্ৰাজে মহাকাশত অগ্নিবাণ এৰি দি সৃষ্টি কৰিলে ইতিহাসৰ৷ উল্লেখ্য যে অগ্নিবাণ হ’ল বিশ্বৰ প্ৰথম ছিংগল পিচ থ্ৰি ডি প্ৰিণ্টেড ছেমি ক্ৰায়োজেনিক ৰকেট৷ যিয়ে ৩০০ কেজি পেলোডসহিতে মহাকাশৰ ৭০০ কিলোমিটাৰ উচ্চতাপৰ্যন্ত অবাধ গতি বিস্তাৰিত কৰিব পাৰে৷ এনেধৰণৰ ৰকেট ইয়াৰ আগেয়ে বিশ্বৰ কোনো দেশেই তৈয়াৰ কৰা নাছিল৷ এই অগ্নিবাণৰ জ্বালানি হ’ল তৰল অক্সিজেন আৰু কেৰোচিন৷ এনে নতুন কৌশলযুক্ত ৰকেটে মহাকাশ বিজ্ঞানত এক নতুন দিগন্তৰ উন্মোচন কৰিলে৷ অগ্নিবাণ ৰকেট নিক্ষেপণৰ পাছত প্ৰধানমন্ত্ৰীয়ে গৌৰৱেৰে কয় যে এই সাফল্যই ভাৰতৰ মহাকাশ গৱেষণা ক্ষেত্ৰখনক আৰু অধিক আগুৱাই নিলে৷ লগতে এইটো এটা স্মৰণীয় মুহূৰ্ত বুলিও তেওঁ উল্লেখ কৰে৷ এই সাফল্যই দেশৰ যুৱ শক্তিৰ উদ্ভাৱনী দক্ষতাৰ পৰিচায়ক৷ অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা ইছৰ’ৱে এই ৰকেটটো মহাকাশলৈ উৎক্ষেপণ কৰে৷ ইয়াৰ লগতে এই সাফল্যই গোটেই বিশ্ববাসীকে গৌৰৱান্বিত কৰিছে৷ উল্লেখ্য যে বিশ্বৰ চতুৰ্থ দেশ হিচাপে চন্দ্ৰৰ মাটি স্পৰ্শ কৰা দেশ হৈছে ভাৰত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here