পিতৃ-মাতৃ হোৱাৰ পৰিকল্পনা কৰিছে যদি শশাংগসন কৰক

0
3

পিতৃ-মাতৃ হোৱাৰ বাসনা সকলো মানুহৰে থাকে৷ এজন পুৰষ অথবা এগৰাকী মহিলাৰ ক্ষেত্ৰত বিবাহৰ পাছত তেওঁলোকে পিতৃত্ব তথা মাতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত হোৱাটো মূল লক্ষ্য হিচাপে ধৰি লয়৷ এগৰাকী মহিলাক মাতৃত্বৰ অধিকাৰী হ’লে জীৱনত তেওঁৰ বাবে পৰম সুখ একো হ’ব নোৱাৰে৷ পৰম প্ৰাপ্তিৰ সেই ক্ষণ কেৱল তেনে এগৰাকী মহিলা তথা পুৰুষেহে অনুভৱ কৰিব পাৰে৷ আনহাতে কিছু ক্ষেত্ৰতে দেখা যায় যে বহু বিবাহিত পুৰুষ তথা মহিলাই সন্তান প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ থাকে৷ বিভিন্ন চিকিৎসা গ্ৰহণ কৰি তথা আন আন ব্যৱস্থা গ্ৰহণ কৰিও তেনে দম্পতীয়ে সন্তান লাভৰ সুখ নেদেখে৷ তেনে ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত তথা দাম্পত্য জীৱনত অশান্তিয়ে দেখা দিয়ে৷ ইয়াৰ লগতে বৈবাহিক জীৱনত বহুতেই সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত পৰিকল্পনা নকৰে বা পিছুৱাই থাকে৷ দাম্পত্য জীৱনত যদি সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰিছে, অৰ্থাৎ পিতৃ-মাতৃ হোৱাৰ আগ্ৰহ কৰিছে, তেনেহ’লে নিয়মিতভাৱে শশাংগসন কৰিলে সহজে সফলতা লাভ কৰিব পাৰে৷ শশাংগসনে শৰীৰৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে৷ এই আসন নিয়মিতভাৱে কৰিলে পিঠিৰ জড়তা নোহোৱা হয়৷ এই আসনৰ অভ্যাস কৰিলে মেৰুদণ্ডৰ প্ৰতিটো কশেৰুকা প্ৰসাৰিত হয়৷ গোটেই দিন বহি কাম কৰিলে মেৰুদণ্ডৰ কশেৰুকাত চাপ পৰে৷ ইয়াৰ ফলত পিঠিৰ বিষ, ক্লান্তি আদি জীৱনৰ সংগী হৈ পৰে৷ শশাংগসনে পিঠিৰ ষ্ট্ৰেচিঙৰ লগতে কশেৰুকাৰ সৈতে ইয়াৰ সংযোগকাৰী ডিস্কবোৰক নিজক সঠিক অৱস্থানলৈ ঘূৰাই নিয়ে৷ শশাংগসনে শ্ৰোণিদেশৰ পেশী সুগঠিত কৰে আৰু ছায়াটিক নাৰ্ভ উজ্জীৱিত কৰাত সহায় কৰে৷ যিসকল মহিলাৰ শ্ৰোণিৰ গঠন অস্বাভাৱিক হয়, তেওঁলোকে এই আসন কৰা ভাল৷ এই আসন কৰিলে শ্ৰোণিদেশ স্বাভাৱিক আৰ দৃঢ় হয় তথা পুৰুষ আৰু মহিলা উভয়ৰে প্ৰজনন অংগ সুগঠিত আৰু কাৰ্যকৰী হয়৷ নিয়মিতভাৱে এই আসন কৰিলে কোষ্ঠকাঠিন্যৰ সমস্যাও নিৰাময় হয়৷
কিদৰে কৰিব শশাংগসন ঃ- শশাংগসনৰ অন্তিম ভংগিমাটো বহু ক্ষেত্ৰত মাতৃৰ গৰ্ভত থকা ভ্ৰূণৰ দৰে দেখি৷ এই আসন কৰিবলৈ প্ৰথমে মেট এখনৰ ওপৰত বহি লওক৷ ভৰিৰ আঁঠু দুটা কোঁচাই লৈ মূৰটো লাহে লাহে আগলৈ হলাই দিয়ক৷ এতিয়া মূৰটো সম্পূৰ্ণকৈ মাটিত লগাই ভেঁজা দিয়ক৷ এই সময়ত হাত দুখনেৰে ভৰিৰ পটাত হেঁচি ধৰি যিমান পাৰে মূৰটো আঁঠুত লগাই দিয়ক৷ এইদৰে কিছু সময় ৰৈ পাছত আগৰ অৱস্থালৈ ঘূৰি যাওক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here