Beauty PlusFitness PlusHealth NaturallyHealth TalksYoga Healthপিঠি, কঁকালৰ বিষৰ পৰিত্ৰাণ পাবলৈ সুপ্ত মৎস্যেন্দ্ৰাসন কৰকBy Health Plus - May 9, 202501Facebook Twitter Pinterest WhatsApp যোগাসন এনে এক পদ্ধতি, যি সকলো পক্ষই কৰা সম্ভৱ৷ যিসকলে কোনোদিন এই অভ্যাস কৰা নাই, তেওঁলোকেও এই আসন কৰিব পাৰে৷ যোগাসনে বিভিন্ন ৰোগ-ব্যাধি তথা শাৰীৰিক অসুবিধা নোহোৱাত সহায় কৰে৷ পিঠিৰ বিষ, কঁকালৰ বিষত ভুগি থকাসকলৰ লঘু ব্যায়াম কৰাৰ পৰামৰ্শ দিয়ে চিকিৎসকে৷ এই ক্ষেত্ৰত কঁকাল বা পিঠিৰ বিষ উপশমৰ বাবে সুপ্ত মৎস্যেন্দ্ৰাসন কৰিলে যথেষ্ট সুফল পাব পাৰে৷ এইবিধ এনেধৰণৰ যোগ, যি সকলোৱে কৰিব পাৰে৷সুপ্ত মৎস্যেন্দ্ৰাসন যোগাসনৰ সহজ এটা পদ্ধতি৷ ই মূলতঃ মেৰুদণ্ডৰ ব্যায়াম৷ স্নায়ুৰ ৰোগ ভোগাসকলেও এই ব্যায়াম কৰিলে সুফল পাব৷ সুপ্ত মৎস্যেন্দ্ৰাসন অভ্যাস কৰিলে পেশীৰ নমনীয়তা বাঢ়ে বা বিষ-বেদনা নাইকিয়া হয়৷এই আসন কৰিবলৈ প্ৰথমে মানুহজন মেট এখন পাৰি মাটিত ওপৰমুৱাকৈ শুই লওক৷ এতিয়া যিকোনো এখন ভৰি দীঘলকৈ ৰাখক আৰু আনখন ভৰিৰ আঁঠুলৈ কোঁচাই লওক৷ কোঁচাই অনা ভৰিখন উলম্ব কৰি দীঘলকৈ ৰখা ভৰিখনৰ ভৰিৰ পতাটো বাহিৰত ৰাখক৷ ইয়াৰ পাছৰ বিপৰীত ফালৰ হাতখনেৰে কোঁচাই ৰখা ভৰিৰ আঁঠুটোত ধৰি লাহে লাহে আঁঠুটো মাটিত লগাবলৈ চেষ্টা কৰক৷ এনে অৱস্থাত আনখন হাত মূৰৰ সমান্তৰালভাৱে দীঘলকৈ থ’ব আৰু মূৰটো বিপৰীত ফালে হাওলাই দিব৷ এইদৰে ভৰিখন মাটিত স্পৰ্শ কৰি কিছু সময়ত ৰৈ পাছত আগৰ অৱস্থালৈ ঘূৰি আহিব৷ ইয়াৰ পাছত অনুৰূপ ধৰণে আনখন ভৰিৰেও একে পদ্ধতিৰে কৰিব৷