পিঠিৰ বিষ নিৰাময়ৰ বাবে ভুজংগাসন কৰক

0
66

যোগ সাধনাই এজন মানুহক সুস্থ দেহৰ অধিকাৰী কৰি তোলে৷ যোগব্যায়ামৰ জৰিয়তে এজন ব্যক্তি সুঠাম-সুস্থ হোৱাৰ লগতে মানুহজনৰ মানসিক শক্তি যথেষ্ট বৃদ্ধি পায়৷ যোগে মানুহৰ অভ্যন্তৰৰ পৰা শক্তিশালী কৰাত সহায় কৰে৷ সুস্থতাৰ হেতু সমগ্ৰ শৰীৰৰ একেলগে কাম কৰাৰ মাধ্যম হ’ল যোগ৷ অৱশ্যে শৰীৰৰ বিভিন্ন অংগৰ উপকাৰ সাধন পাবলৈ বিভিন্ন প্ৰকাৰৰ যোগৰ অনুশীলন কৰিব লাগে৷ যেনে– ভৰিৰ সুস্থতা তথা উপকাৰিকাৰ বাবে যিটো যোগব্যায়াম জৰুৰী, পেটৰ বিভিন্ন সমস্যা সমাধানত সেই যোগব্যায়ামটো সঠিকভাৱে কাম সম্পন্ন নকৰিব পাৰে৷ সেয়ে শৰীৰৰ সকলো অংগৰ সুস্থ তথা সবল কৰাৰ বাবে যোগৰ ধৰণবোৰে সুকীয়া৷ আজি আমি পিঠিৰ বিষ নিৰাময়ৰ বাবে যিটো যোগ আসন কৰিব লাগে, সেই বিষয়ে আলোচনা কৰিব খুজিছোঁ৷ পিঠিৰ বিষ নিৰাময়ৰ ক্ষেত্ৰত ভুজংগাসন অতি কাৰ্যকৰী৷ ভুজংগাসন এনে এটা যোগব্যায়াম, য়িযে পিঠিৰ বিষৰ সৈতে মোকাবিলা কৰিবলৈ এটা দুৰ্দান্ত আসন৷ ইয়াৰ উপৰি ভুজংগাসনে বক্ৰতা সংশোধনকাৰী হিচাপে পৰিচিত তথা মেৰুদণ্ডক নমনীয় কৰি চোলাত অতি উপযোগী আসন৷ এই আসনে বক্ৰৰেখাৰ গঠন পিছফালৰ গভীৰ পেশী, মেৰুদণ্ড তথা স্নায়ুক সুস্থ ৰখাত সহায় কৰে৷ আনহাতে ভুজংগাসনে জৰায়ু তথা ডিম্বাশয় প্ৰসাৰিত কৰি মহিলাসকলৰ মাহেকীয়া সমস্যা নিৰাময় কৰিব পাৰে৷ এই আসনে এড্ৰিনেল গ্ৰন্থি তথা কিডনীক সজীৱ কৰি ষ্টে˜চমুক্ত কৰি ৰখাত সহায় কৰে৷
কিদৰে কৰিব ভুজংগাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে আপুনি চিট হৈ শুই লওক৷ তাৰ পাছত কঁকালৰ পৰা ওপৰৰ অংশটো লাহে লাহে মাটিৰ ওপৰলৈ উঠাবলৈ চেষ্টা কৰক৷ এনে অৱস্থাত ভৰি দুখন পিছফাললৈ সম্পূৰ্ণকৈ মেলি দিব৷ হাত দুখনৰ তলুৱাৰে মাটিত গুঁজি থাকি মূৰটো ওপৰমুৱাকৈ দি মানুহজনৰ কঁকালৰ পৰা ওপৰৰ অংশটো যিমান পাৰে ওপৰলৈ তুলি দিয়ক৷ এনে সময়ত শৰীৰৰ ভৰ হাত দুখনে বহন কৰিব৷ এইদৰে কিছু সময় ৰৈ পাছত আগৰ অৱস্থালৈ ঘূৰি আহক৷ এইদৰে তিনি-চাৰিবাৰমান কৰাৰ চেষ্টা কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here