পিঠিৰ বিষ নিৰাময়ৰ বাবে এই দুই আসন

0
89

আসনে আমাৰ শাৰীৰিক তথা মানসিক উৎকৰ্ষ সাধন কৰে৷ শৰীৰ তথা মন সু্‌স্থ সবল কৰি ৰাখিবলৈ নিয়মিতভাৱে আসন বা যোগ কৰাটো নিতান্তই প্ৰয়োজনীয়৷ আনহাতে সকলো আসনৰে শাৰীৰিক লাভালাভ বেলেগ বেলেগ৷ দীৰ্ঘ সময়ত একেঠাইতে চকীত বহি কাম কৰি থকাৰ ফলত পিঠিৰ বিষ-বেদনা আদি হোৱাৰ সম্ভাৱনা অধিক আৰু এইদৰে পিঠিৰ বিষ হৈ লাহে লাহে এই সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিব পাৰে৷ সেয়ে এইদৰে হোৱা পিঠিৰ বিষৰ পৰা উপশম পাবলৈ হ’লে যোগাসন অভ্যাস গঢ়ি তোলা অতিকে আৱশ্যক৷ যোগাসনে পিঠিৰ বিষৰ পৰা সকাহ দিব পাৰে৷ তলত উল্লেখিত দুই ধৰণৰ যোগ তথা আসনে পিঠিৰ বিষ নিৰাময় কৰিব পাৰে৷ পিঠিব বিষৰ সমস্যা কমাবলৈ হ’লে দৈনিক সেতু বন্ধনাসন কৰিব পাৰে৷ দিনে এবাৰ যিকোনো সময়ত এই আসন কৰিলে পিঠিৰ বিষৰ পৰা যথেষ্ট সকাহ পোৱা যায়৷ ইয়াৰ বাবে আপুনি প্ৰথমে যিকোনো টান ঠাইত বহি এই যোগাসন কৰিব পাৰে৷ প্ৰথমে চিত হৈ শুই পৰক৷ দুই ভৰিৰ মাজত সামান্য ব্যৱধান ৰাখিব৷ হাত দুখনক এনেদৰে ভাঁজ কৰক যাতে দুয়োখন ভৰিৰ পতা মাটিত লাগি থাকে আৰু হাত দুখনেৰে গোৰোহাত লম্বভাৱে ধৰি থাকে৷ এিতয়া হাত দুখনেৰে ভৰিৰ পতা লগ লগাওক আৰু মূৰ আৰু ভৰি মাটিত লম্বভাৱে ৰাখি মাজৰ অংশটো ওপৰলৈ উঠাই দিয়ক৷ এইদৰে ৩০ ৰ পৰা ৬০ ছেকেণ্ড ধৰি থাকক৷ একেই পদ্ধতি অৱলম্বন কৰি তিনিবাৰমান কৰক৷ প্ৰথমে বেছিবাৰ নোৱাৰিলেও পাছলৈ এই সংখ্যা বৃদ্ধি কৰক৷ শলভাসন নিয়মিতভাৱে কৰিলে পিঠিৰ বিষ নিয়ন্ত্ৰণত যথেষ্ট সহায় কৰে৷ বন্ধনাসনৰ পাছত শলভাসন কৰিব পাৰে৷ এই আসন কৰিবলৈ হ’লে প্ৰথমে মুখখন তলফালে কৰি শুই দিয়ক৷ এইদৰে শোৱাৰ ভংগী কৰক যাতে দুই ভৰিৰ পতা একেলগে থাকে৷ এইবাৰ হাত দুখন দুই উৰুৰ তলত ৰাখক৷ এইবাৰ ভৰি দুখন একেলগ কৰি ৩০ ডিগ্ৰী ওপৰলৈ তুলি দিয়ক৷ আনহাতে হাত দুখনো পিছফালে সমান্তৰালভাৱে ৰাখি দাঙি ধৰক৷ এইদৰে দুখন ভৰি একেলগে বা এখন ভৰি বা হাতৰ ভংগীৰেও কৰিব পাৰে৷ এইদৰে তিনিটা ছেটত এই আসন কৰিব পাৰে৷ কিছুসময় এই ভংগীত থাকি পাছত আগৰ অৱস্থালৈ ঘূৰি আহক৷ এই আসন নিয়মিতভাৱে কৰিলে পিঠিৰ বিষ সহজে নিৰাময় হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here