পিঁয়াজত থকা ক’লা দাগে কিহৰ ইংগিত বহন কৰে ?

0
132

ৰন্ধন কাৰ্যৰ বাবে পিঁয়াজ এবিধ অতি প্ৰয়োজনীয় উপাদান৷ পিঁয়াজ নহ’লে কোনো এখন ব্যঞ্জনেই সম্পূৰ্ণ নহয়৷ বিভিন্ন ৰকমৰ ভাজি, মাছ, মাংস, তৰকাৰী আদি সকলোতে পিঁয়াজৰ আৱশ্যকতা আছে৷ পিঁয়াজে আঞ্জাখনৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে আমাৰ শৰীৰৰ বিভিন্ন শাৰীৰিক সমস্যা সমাধান কৰিব পাৰে৷ হজম শক্তি বঢ়োৱাত পিঁয়াজে সহায় কৰে৷ ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ পিঁয়াজ যথেষ্ট কাৰ্যকৰী৷ ইয়াৰ উপৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত পিঁয়াজে অৱদান আগবঢ়ায়৷ মানৱ দেহৰ কিছু সাধাৰণ এলাৰ্জি সমাধান কৰিব পাৰে পিঁয়াজে৷ মুঠতে পিঁয়াজৰ গুণাগুণ বিস্তৃত৷ আনহাতে বিভিন্ন সময়ত পিঁয়াজ বাকলিত নাইবা বাকলি গুচাই দিলে কিছুমান ক’লা দাগ দেখা যায়৷ বিশেষকৈ বৰ্ষাকালত পিঁয়াজৰ গাত এইধৰণৰ দাগ প্ৰায়ে দেখা যায়৷ বহুতৰে মনত প্ৰশ্নৰ উদয় হয় যে এইধৰণৰ ক’লা দাগ থকা পিঁয়াজ খোৱা উচিতনে? অথবা এইদৰে দাগ থকা পিঁয়াজ খালে শৰীৰৰ কিবা অনিষ্ট হ’ব পাৰে নেকি? ইয়াৰ উত্তৰত জানিবলগীয়া কথা এয়ে যে পিঁয়াজৰ ওপৰত যি ক’লা দাগ দেখা যায়, তাক এছপাৰগিলাছ নাইজাৰ বোলা হয়৷ এইধৰণৰ ভেঁকুৰে মাটিত অৱস্থান কৰে যদিও এইবোৰ মিউকৰমাইকোছিছ নহয়৷ সেয়ে এই ভেঁকুৰবিধক লৈ চিন্তা কৰিবলগীয়া বিশেষ নাই৷ অথবা ই সিমান বিষাক্তও নহয়৷ অৱশ্যে কিছুমান এলাৰ্জিৰ দৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে৷ বিশেষকৈ যিসকলৰ আগৰে পৰা এলাৰ্জি আছে, তেওঁলোকে এইদৰে ক’লা দাগ থকা পিঁয়াজ নেখোৱাই ভাল৷ আনহাতে যিসকলৰ হাঁপানি সমস্যা আছে, তেওঁলোকৰ বাবেও ক্ষতিৰ কাৰণ হ’ব পাৰে৷ আনকি এইধৰণৰ ভেঁকুৰ বতাহৰ মাধ্যমেৰে ভিতৰলৈ গ’লেও সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ সেয়ে ক’লা দাগ থকা পিঁয়াজ খাওঁতে কিছু সাৱধান হোৱা ভাল৷ এইদৰে দাগ থকা পিঁয়াজ কিছু সময়ৰ বাবে পানীত তিয়াই থোৱা উচিত৷ পিঁয়াজ যি অংশত এই ক’লা দাগ থাকে, সেই অংশ কাটি পেলাই দিব৷ তাৰ পাছত পিঁয়াজটো ভালদৰে পৰিষ্কাৰ পানীৰে পুনৰ ধুই ল’ব৷ ইয়াৰ পাছত এই পিঁয়াজ ৰন্ধন প্ৰণালীত ব্যৱহাৰ কৰা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here